নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলা তথ্য-জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত প্ৰেছ দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি ধুবুৰী জিলা পৰিষদৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰেছ দিৱসৰ কাৰ্যসূচীত ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে গোলকগঞ্জৰ চিলাৰায় কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড৹ প্ৰতিমা নেওগীয়ে৷ তেওঁ কৃষি, অৰ্থিনীতি, শিক্ষা, পৰিবেশ ৰক্ষা আদিৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় পোহৰলৈ আনি সংবাদ মাধ্যমে কৰা বা কৰাৰ সম্ভাৱনা থকা বাতৰিয়ে ৰাষ্ট্ৰ নিৰ্মাণত যোগোৱা অৰিহণাৰ প্ৰসংগ উল্লেখ কৰে৷ ড৹ নেওগীয়ে ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমে আগবঢ়োৱা অৰিহণাৰ ইতিহাসৰো ব্যাখ্যা কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানে৷ মুখ্য অতিথিৰ ভাষণত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সাংবাদিকে সমাজ আৰু ৰাষ্ট্ৰ গঢ়াত আগবঢ়োৱা অৱদানৰ কথা উদাহৰণসহ উল্লেখ কৰে৷ সভাত উপস্থিত সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচাৰে তেওঁলোকৰ অৱদানৰ কৃতজ্ঞতা স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like