নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ক্ষোভৰ দাৱানল! পৰিক্ষাৰ্থীসহ অভিভাৱকৰ ৰাজপথত প্ৰতিবাদ

 

নিয়মীয়া বাৰ্তা, ১৭মাৰ্চঃ ৰাজ্যৰ চুকে-কোনে সাব্যস্ত হৈছে ব্যাপক প্ৰতিবাদ।এই প্ৰতিবাদ হল ডিব্ৰুগড়তো।ধৈৰ্যৰ সীমা ভাঙি ডিব্ৰুগড়ৰ আজিৰ এই প্ৰতিবাদলৈ উলাই আহিল শ-শ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক।ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ন্যাসৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলেও অংশ গ্ৰহণ কৰা দৃশ্যই সকলোকে এবাৰ হলেও চকু সেমেকাই তুলিলে।যি সময়ত পৰীক্ষাৰ্থী, নিজ নিজ পৰীক্ষা গৃহত থাকিব লাগিছিল,সেই সময়ত অভিভাৱকৰ সৈতে নিজৰ ন্যায়ৰ বাবে ৰাজপথত টেটুফালি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হোৱাত সকলোকে পুনৰ এবাৰ ভবাই তুলিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঠনিৰ ফোপোলা স্বৰূপটো।শ্বহীদ ন্যাস ভৱনৰ পৰা চৌকিডিঙী চাৰিআলিত উপস্থিত হৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগুৰ লগতে চেবাৰ অধ্যক্ষ গৰাকীৰো প্ৰতিমূৰ্তি দাহ কৰি –শিক্ষামন্ত্ৰী,চেবাৰ অধ্যক্ষই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক!শিক্ষামন্ত্ৰী লেই-লেই, চেই-চেই!শিক্ষামন্ত্ৰী হুচিয়াৰ!পুতলা শিক্ষামন্ত্ৰী!শিক্ষামন্ত্ৰীৰ কাম নাই! ইত্যাদি শ্লগানেৰে আকাশ-বতাহ কঁপাই তোলে।প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ হকা-বধা কৰাত কিছুপৰ হতাহতিৰ স্বৃষ্টি হয়।ডিব্ৰুগড় আছুৰ খগেন দত্ত আৰু ৰূপজ্যোতি বৰঠাকুৰে কয় যে এনে অপদাৰ্থ মন্ত্ৰী আৰু চেবাৰ অধ্যক্ষৰ আওকাণ মনোভাৱৰ বাবেই আজি লক্ষ,লক্ষ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধংস হল।তেওঁবিলাকে কোনো বিকল্প চিন্তা নকৰি এই মুহূৰ্ততে পদত্যাগ কৰক।সমগ্ৰ শিক্ষা ব্যৱস্থাটোক ধোৱাচাঙত তুলি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলক পনবন্দী কৰাৰ কোনো নৈতিক অধিকাৰ নাই।প্ৰতিবাস্থলীত বহু গৰাকী অভিভাৱকে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে তেওঁলোকৰ সন্তানৰ মনোবল ভাগি পৰা বুলিও ক্ষোভৰে উল্লেখ কৰাৰ লগতে এই প্ৰশ্ন কাকত ফাদিলৰ লগত জৰিত সকলোকে যথোপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনায়।ইফালে ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ স্থলীত সংবাদ মাধ্যমৰ আগত কয় –আমি বহুত কষ্ট কৰি পঢ়িছিলো।এতিয়া মানসিকভাবে ভাগি পৰিছো,পঢ়াত মন দিব নোৱাৰা হৈছো।যি হৈছে,বহুত বেয়া হৈছে।আন এগৰাকী পৰিক্ষাৰ্থীয়ে কয়–পৰীক্ষাৰ মাজৰ বন্ধৰ সময়চোৱাত আমি গোটেই বছৰ যিমান পঢ়ো,তাতোকৈয়ো বেছি পঢ়োঁ।যদিহে প্ৰশ্ন কাকত ফাদিল হৈয়ে থাকে,তেনেহলে পৰীক্ষাই বন্ধ কৰাৰো দাবী জনায়।বহু সময় ধৰি কৰা প্ৰতিবাদ সাব্যস্তই ভীষণ যান-যতৰ স্বৃটি কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like