নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰেল হোৱা ভূগোলৰ প্ৰশ্নকাকত ভুৱা: নগাঁৱৰ মাচুম আলিয়ে ভাইৰেল কৰিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: এটাৰ পাছত আন এটা বিতৰ্কই লগ নেৰা হৈছে ছেবাক। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ এখন ভুৱা প্ৰশ্নকাকত । সামাজিক মাধ্যমত ভূগোল বিষয়ৰো প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ৰাজ্যৰ চাৰিওফালে হোৱাটছএপত বিয়পি পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্রশ্নকাকত। অহা ২০ মাৰ্চত আছিল ভূগোল বিষয়ৰ পৰীক্ষা ।

অৱশ্যে ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক নাকচ কৰিছে ছেৱা কৰ্তৃপক্ষই ।

ভাইৰেল হোৱা ভূগোলৰ প্ৰশ্নকাকত ভুৱা। দুষ্ট চক্ৰই এডিট কৰি প্ৰচাৰ চলাইছিল ২০২১চনৰ প্ৰশ্নকাকতখন। নগাঁৱৰ মাচুম আলিয়ে ভাইৰেল কৰিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত। ইতিমধ্যে আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে।

You might also like