নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰত ভৰি দিলে ডিব্ৰুগড়ৰ সাংবাদিকৰ হুঁচৰিয়েঃ আকৌ আৰম্ভ ৰাইজৰ পদুলিত হুঁচৰি

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২০এপ্ৰিলঃ অসম আৰু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতি সাহোন ব’হাগ বিহু মানেই অসমীয়াৰ প্ৰাণ। হাজাৰ দুখ-কষ্ট হ’লেও এই বিহুত এপাক ককাল ঘূৰাই নচাৰ সকলোৰে মন থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ সাংবাদিকসকল। দৈনিক ন-ন তথ্যৰে পুৱাৰে পৰা নিশা এপৰলৈ ৰাজ্য তথা দেশবাসীক প্ৰতিটো মুহূৰ্তৰ বতৰা দি থাকি ২৪×৭ দিনেই অত্যন্ত ব্যস্ত হৈ থকা সাংবাদিকসকলে তেওঁলোকৰ কৰ্ম ব্যস্ততাৰ মাজতে দ্বাদশ বছৰৰ বাবে কালি নিশাৰে পৰা জুৰিলে হুঁচৰি। পৰম্পৰাগত বিহু নামেৰে গৃহস্থৰ কুশল মঙ্গল কামনা, আশীৰ্বাদেৰে জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টাত এইবছৰো ডিব্ৰুগড়ৰ সাংবাদিকসকলক দেখা গ’ল ৰাইজৰ পদুলিত হুঁচৰি জোৰা। উল্লেখ যে, ডিব্ৰুগড়ৰ সদৰৰ দুটাকৈ প্ৰেছ ক্লাব ক্ৰমে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যই একত্ৰিত হৈ এইদৰে বিগত দহ-এঘাৰ বছৰ ধৰি সাংবাদিকসকলৰ চোতালে চোতালে জুৰি আহিছে হুঁচৰি।
সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহু নাম জুৰি সন্ধিয়া হুঁচৰি জুৰিছে। একতাৰ এনাজৰী, সংস্কৃতিৰ ভাতৃত্ববোধেৰে ইলেকক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ সাংবাদিক এক হৈ ২০১২ চনৰ পৰা ধাৰাবাহিকভাৱে সাংবাদিকসকলৰ বাকৰিত হুঁচৰি পৰিবেশন কৰি পৰম্পৰা অব্যাহত ৰাখিছে এনেদৰে। যদিও বিগত দুটা বৰ্ষত ক’ৰোনা মহামাৰী তথা ল’ক ডাউনৰ বাবে হুঁচৰিৰ ধাৰাবাহিকতাত ব্যাঘাত জন্মিছিল যদিও পৰম্পৰা ধৰি ৰাখিছিল সাংবাদিকসকলে। এইবাৰ ক’ভিড পৰিস্থিতি অৱসান ঘটাত সকলো সাংবাদিকে কঁকালত টঙালি বান্ধি দিনৰ দিনটো ব্যস্ততাৰ মাজত থকাৰ পাছত, নিশা অলপ সময় উলিয়াই আজিৰ পৰা বিহুত মতলীয়া হৈ পৰিছে। সাংবাদিকৰ পদুলিত জুৰা হুঁচৰিয়ে মুখৰিত কৰি তোলে চৌদিশে দিয়ে এক অনন্য মাত্ৰা। এক আশা আৰু চিন্তাৰ খোৰাক যোগাবলৈকে সাংবাদিকসকলে নিশা এপৰলৈকে হুঁচৰি গোৱা সংগৃহীত ধনৰাশি “সাংবাদিক কল্যাণ সমিতি” নামেৰে বেংকৰ একাউন্ট জমা ৰাখি বিভিন্ন সময়ত সাংবাদিকৰ  আপদকালীন সময়ত সহায়ো কৰি আহিছে।
You might also like