নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বিশ্ব শৰ্মালৈ ২০২২ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ লণ্ডনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা‌ প্ৰথমগৰাকী ডক্টৰেট, ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি, প্ৰাচ্যতত্ববিদ, পন্ডিত ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰৱৰ্তন কৰা ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ বিশিষ্ট সাহিত্যিক, অনুবাদক তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মা। অৰুনোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ এখন যৌথ সভাই দিগন্ত বিশ্ব শৰ্মাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। প্ৰসিদ্ধ সাহিত্যিক কৈলাস নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ দ্বিতীয় পুত্ৰ দিগন্ত বিশ্ব শৰ্মাই বাল্যকালতেই তীক্ষ্ণ বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়াৰ উপৰিও তাৰ্কিক আৰু সুবক্তা হিচাপে খ্যাতি অৰ্জন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ ডিগ্ৰী আৰু আইন পাঠ্যক্ৰমতো তেখেতে একেৰাহে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। এক আদৰ্শবান পৰিয়ালত‌ জন্ম গ্ৰহণ কৰা দিগন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বানিজ্য শাখাত এম,কম,ত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত আইন পৰীক্ষাতো পাৰদৰ্শিতাৰে উত্তীৰ্ণ হৈছিল। জিলা পৰিবহণ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পাছতেই তেখেত ঋষি অৰবিন্দ ঘোষ , ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ  আধ্যাত্মিক কৰ্ম সাধনাত ব্ৰতী হৈ পৰে। এনে মহান মনিষী সকলৰ আধ্যাত্মিক জীৱন আৰু চিন্তা চেতনাৰে এই মনিষীৰ সেৱাতেই নিজৰ জীৱন উৎসৰ্গা কৰি চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰে। ইয়াৰ সমান্তৰালভাৱে দিগন্ত বিশ্ব শৰ্মাই “ভাৰতীয় সংস্কৃতিৰ ভিত্তি”, চেকুলাৰিম ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম, কৰ্মযোগী, ভাৰতৰ নৱপ্ৰজন্ম্, কাৰাকাহিনী, গীতাৰ ভূমিকা, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, এক নিৰ্মল আৰু সাহসী জীৱনৰ দৰে,, বহু অমূল্য গ্ৰন্থ অনুবাদ কৰি‌ অসমীয়া ভাষা সাহিত্যৰ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। এই গৰাকী ব্যক্তিয়ে ঋষি অৰবিন্দৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতিৰ ভিত্তি” শীৰ্ষক অমূল্য গ্ৰন্থ অনুবাদ কৰি ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি অনূদিত বঁটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰচুৰ অধ্যয়নশীল এই গৰাকী ব্যক্তিয়ে অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ঋষি অৰবিন্দৰ দৰে মনিষী সকলৰ জীৱন দৰ্শনৰ ওপৰত তত্ত্ব গধুৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰ সমাজক  আধ্যাত্মিক দিশত সবল কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। অৰুনোদয় সাহিত্য সভা,ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত শিৱসাগৰ ছোৱালী কলেজৰ ঐতিহাসিক সম্পদ সজাগতা কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অহা ২২ চেপ্টেম্বৰৰ পুৱা ১০ বজাত শিৱসাগৰ ছোৱালী কলেজ প্ৰেক্ষাগৃহত ময়িদুল ইছলাম বড়াৰ ১২৩ তম জন্ম বাৰ্ষিকী উপলক্ষত এখন সভা অনুষ্ঠিত হ’ব। এই সভাতেই দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব। এই সভাত অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সকলো সাহিত্যপ্ৰেমীক এই সভাত উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like