নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ সিদ্ধান্তৰ বিৰুদ্ধে এলোপেথিক চিকিৎসকৰ বিক্ষোভ

১১ ডিচেম্বৰত ৰাজ্যজুৰি কর্মবিৰতিৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ  আয়ুর্বেদিক পাঠ্যক্রমৰ স্নাতকোত্তৰ শাখাত শৈল্যতন্ত্র বিষয় পাঠ্যক্রমত অন্তর্ভুক্তিৰ জৰিয়তে আয়ুর্বেদিক চিকিৎসকসকলক অনুমতি প্রদান কৰা কার্যৰ তীব্র বিৰোধিতা কৰি সমগ্র দেশৰ লগতে  ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে এলোপেথিক চিকিৎসকসকলে৷ ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত গুৱাহাটীৰ লগতে ৰাজ্যৰ ডিব্রুগড়, তেজপুৰ, বঙাইগাঁও, যোৰহাট, শিৱসাগৰ আদি স্থানতো সাব্যস্ত কৰা হয় ধর্ণা কার্যসূচী৷ গুৱাহাটীৰ ইএছআইচি হাস্পতালৰ সমীপত এলোপেথিক চিকিৎসকসকলে বিক্ষোভ প্রদর্শন কৰে৷ শীঘ্রে কেন্দ্রীয় চৰকাৰক এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ প্রতিবাদী চিকিৎসসকলে দাবী উত্থাপন কৰিছে৷

ইফালে, অহা ১১ ডিচেম্বৰত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কর্মবিৰতি কার্যসূচী ৰূপায়ণ কৰিব ভাৰতীয় চিকিৎসক সংস্থাই৷ অসমতো আজি সংস্থাৰ ৰাজ্যিক কমিটীয়ে পালন কৰিব কর্মবিৰতি৷ ইফালে, ৰাজ্যৰ চৰকাৰী চিকিৎসকসকলেও এই কর্মবিৰতি কার্যসূচীলৈ সমর্থন আগবঢ়াইছে বুলি সদৰী কৰিছে৷ ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাই৷

উল্লেখ্য যে ভাৰতীয় চিকিৎসক সংস্থাই আয়ুর্বেদিক পাঠ্যক্রমৰ স্নাতকোত্তৰত দুবছৰ অধ্যয়ন কৰাৰ পাছতে শৈল্য চিকিৎসাৰ বাবে অনুমতি প্রদান কৰা কার্যক বিৰোধিতা কৰি আহিছে৷ এনে সিদ্ধান্তই দেশৰ আধুনিক চিকিৎসা ব্যৱস্থাটোক অৱনমিত কৰিব বুলি সংস্থাই আশংকা প্রকাশ কৰি আহিছে৷

You might also like