নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপেক্স বেংকৰ প্রতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ অসম কো–পাৰেটিভ এপেক্স বেংক লিমিটেডে ৭ ডিচেম্বৰত ৭৩সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰে৷ এই উদ্দেশ্যে বেংকৰ শাখাসমূহে গ্রাহক সভা অনুষ্ঠিত কৰে৷ বেংকৰ মুখ্য কার্যালয়ৰ সভাকক্ষত বেংকৰ ৭৩তম প্রতিষ্ঠা দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব কৰে বেংকটোৰ পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্রীয়ে৷ সভাৰ বিষয়বস্তু আছিল”Greeting a Customer Delight.” সভাত বেংকৰ জ্যেষ্ঠ বিষয়া ক্রমে ধ্রুৱজ্যোতি গগৈ, বীৰেন্দ্র কলিতা, কমল চক্রৱর্তী প্রমুখ্যে কেইবাজনো বিষয়া–কর্মচাৰীয়ে বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায়৷ শেষত সভাৰ সভাপতি তথা বেংকৰ পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্রীয়ে বিষয়বস্তুৰ ওপৰত এটি তত্ত্বগধুৰ তথা গঠনমূলক ভাষণৰ লগতে বেংকৰ অগ্রগতি সম্পর্কে ব্যাখ্যা আগবঢ়ায়৷ ভাষণত সভাপতি তথা পৰিচালন সঞ্চালকগৰাকীয়ে জনাই যে যোৱা তিনিটা বিত্তীয় বর্ষত বেংকে জমাধন ২১ শতাংশ ঋণ প্রদান ৬৯ শতাংশ আৰু আয় ৩৯ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ বেংকে এক বুজন পৰিমাণৰ লাভ অর্জন কৰাৰ বিপৰীতে বন্ধ্যা সম্পদ(NPA)ৰ পৰিমাণ যথেষ্ট হ্রাস কৰিবলৈ সক্ষম হয়৷ লগতেCRARৰ পৰিমাণ এক আকর্ষণীয় পর্যায়লৈ উন্নীত হয়৷

You might also like