নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত দৌল মহোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ দৌল মহোৎসৱ এক ৰঙৰ উৎসৱ ৷ এই উৎসৱে মানুহৰ মনলৈ কঢ়িয়ান আনে এক বিমল আনন্দ ৷ ৰঙীন হৈ পৰে মানুহৰ দেহ মন ৷ সুখ দুখ পাহৰি সকলোৱে হাতে হাতে ফাকু আৰু ৰং লৈ তামাচা স্ফূৰ্তি ৰে একাকাৰ হৈ পৰে ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ ৷

শুৱালকুছিৰ আগশাৰীৰ সমাজিক অনুস্হান পদ্মৰাম কাকতি সোঁৱৰণি সংঘৰ উদ্যোগত অনুস্হিত হোৱা দৌল মহোৎসৱৰ সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰি বিশেষ কৰ্তব্যৰত বিষয়া গৰাকীয়ে কয় যে, ৰঙৰ উৎসৱে আমাৰ মাজৰ পৰা অপায় অমঙ্গল আৰু অপসংস্কৃতি নাশ কৰি ৰাজ্যখনলৈ সুখ ,শান্তি, সম্প্ৰতি আৰু সম্‌দ্ধি কঢ়িয়াই আনক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ বিষয়া গৰাকীয়ে দৌল উৎসৱ সন্দৰ্ভতো কিছু গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ৷ শুৱালকুছি ধৰ্ম আৰু কৰ্মৰ মিলনস্হলী বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে শুৱালকুছিৰ জনসাধাৰণে হোলী উৎসৱৰ জৰিয়তে অধিক কৰ্মপ্ৰেৰণা লাভ কাৰক তাৰ বাবেও আশা ৰাখিলো ৷ তেওঁ পদ্মৰাম কাকতি সংঘৰ কৰ্মকৰ্তা সকলে দীৰ্ঘদিন ধৰি সামাজৰ উন্নতিৰ বাবে কাম কৰাৰ লগতে দুখীয়া দৰিদ্ৰ আৰু আৰ্তজনকো সহায়ৰ হাত আগবঢ়োৱাত তেওঁ অনুস্হানটোৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

অনুস্হানটিৰ সভাপতি প্ৰদীপ কুমাৰ দাসৰ পৌৰহিত্যত অনুস্হিত মঞ্চ উদ্ধোধনী অনুস্হানত শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্ৰ বৈশ্য, সম্পাদক অপূৰ্ব দাস, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইফালে শ্ৰীশ্ৰীহাটীসত্ৰ টো অনুস্হিত দৌল মহোৎসৱৰ সামৰণি অনুস্হানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্হিত থাকি পুৰুষ মহিলাৰ বাহভঙা খেল প্ৰতিযোগিতা এখন উদ্বোধন কৰে ৷ উক্ত বাহভঙা প্ৰতিযোগিতাত পুৰুষৰ শাখাত প্ৰথম স্হান লাভ কৰে হাটীসত্ৰ যুৱদলে আৰু দ্বিতীয় স্হান লাভ কৰে কলিতামন্দিৰ যুৱ সমাজে ৷ মহিলাৰ শাখাত প্ৰথম স্হান লাভ কৰে লুইত পৰীয়া মহিলা দল আৰু দ্বিতীয় স্হান লাভ কৰে দীপ্তশিখা সাংস্কৃতিক দলে ৷ আনহাতে বৰসত্ৰ প্ৰাঙ্গণতো আজি সামৰণিৰ দিনা কেইবাটিও কাৰ্যসূচী অনুস্হিত হয় ৷ সন্ধিয়া অনুস্হিত হয় নলবাৰীৰ পখিলা দাস আৰু গুৱাহাটীৰ ৰুণু নাথ শৰ্মাৰ নাগাৰা নাম ৷

You might also like