নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ সীমান্তত অসমৰ বনকৰ্মী- আৰক্ষীলৈ পুনৰ নগা দুৰ্বৃত্তৰ গুলী; দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অগ্নিসংযোগ

 

নিয়মীয়া বাৰ্তাঃ ১৫ মাৰ্চঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ নগা দুৰ্বৃত্তৰ দপদপনি অব্যাহত আছে । এইবাৰ মাৰণাস্ত্ৰ লৈ অসমৰ মাটিত বেদখল চলাবলৈ আহিল নগা দুৰ্বৃত্ত ।আজি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই চলাই অহা বন ধ্বংস প্ৰত্যক্ষ কৰিবলৈ যোৱা অসমৰ বনকৰ্মী আৰু আৰক্ষী বেটেলিয়ানৰ প্ৰতি লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাই ব্যাপক উত্তেজনাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৰিয়নিৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত এই ঘটনা সংঘটিত হৈছে । নগাৰ বেদখল চাবলৈ গৈ আজি কথমপি প্ৰাণ লৈ পলাই আহিবলগীয়া হয় অসমৰ বন বিভাগ আৰু আৰক্ষীৰ এটা দল । মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ নগাই ব্যাপক বেদখল আৰম্ভ কৰিছে । কালি ৰাতি নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ পৰা কিছু নিলগতে নগা দুৰ্বৃত্তই সংৰক্ষিত বনাঞ্চলখনত অগ্নিসংযোগ কৰিছিল । আনহাতে, জানখনা নৈৰ পাৰত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ১২ নং কম্পাৰ্টমেন্টত আজি পুনৰ নগাৰ এটা বৃহৎ দলে বনাঞ্চল ধ্বংস কৰাৰ খৱৰ বন বিভাগে লাভ কৰাৰ পিছতেই উক্ত বনাঞ্চল ধ্বংস কাৰ্য্য চাবলৈ যায় বন বিভাগ আৰু আৰক্ষীৰ এটা দল । নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁ‌হাই নেতৃত্বত বন বিভাগ আৰু নিউ সোনোৱালৰ সীমান্ত নিৰীক্ষণ চকী ( বি অ’ পি )ৰ চাৰিজন বেটেলিয়ান জোৱানৰ লগতে দলটোৰ সৈতে স্থানীয় কেবাজনো ব্যক্তি আৰু সংবাদ মাধ্যমৰ লোকো যায় । কিন্তু দলটো গৈ উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগেই নগা দুৰ্বৃত্তৰ দলটোৱে অসমৰ দলটোলৈ লক্ষ্য কৰি চাৰি ৰাউণ্ডকৈ গুলীচালনা কৰে । লগে লগেই অসমৰ দলটো আত্মৰক্ষাৰ স্বাৰ্থত ছেদেলি ভেদেলী হৈ যেনি তেনি যায় । সৌভাগ্যক্ৰমে গুলীয়ে অসমৰ কোনো লোককে আঘাত নকৰিলে । আনকি গুলীচালনাৰ পিছত একাংশ নগা লোকে অসমৰ দলটোক আক্ৰমণৰ উদ্দেশ্যেৰে খেদি আহে । তাৰ কিছু সময়ৰ পিছতেই অসমৰ দলটো গৈ উপস্থিত হোৱা স্থানত নগা দুৰ্বৃত্তই অগ্নিসংযোগ কৰি দিয়ে । বাতৰি লিখাৰ পৰলৈকে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এই অংশ দপদপাই জ্বলি আছে । এই ঘটনাৰ পিছতেই তিতাবৰ মহকুমাৰ সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিত বৰা, মৰিয়নি আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুনীন চুতীয়া, মৰিয়নি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা আদি নাগাজাংকা চাহ বাগিচাৰ সমীপত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষন কৰে যদিও ঘটনাস্থলীলৈ নগ’ল । ইফালে, তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল গুপ্তা, সংমাণ্ডলিক বন প্ৰাধিকাৰী ( ডি এফ অ’ ) নন্দ কুমাৰ আদি নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়লৈ গৈ পৰিস্থিতিৰ বুজ লয় যদিও ঘটনাস্থলীলৈ যাবলৈ সাহস গোটাব নোৱাৰিলে । স্বাভাৱিকতে প্ৰশাসনৰ এনে কাৰ্য্যত অঞ্চলটোৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । নাগাজাংকা চাহ বাগিচাৰ ৰাইজে নিশাৰ ভাগত নগা দুৰ্বৃত্তই বাগিচাৰ লাইনত আহি উপদ্ৰৱ কৰাৰ আশংকাতো ভূগিছে । সম্প্ৰতি সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ।

দিব্যজ্যোতি শইকীয়া

You might also like