নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিন লোৱাৰ আগেয়ে নিয়মীয়াকৈ খাওক এনে আহাৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ক’ৰোনাৰ বাবে এনে এটা সময় পাৰ কৰিছিলো, য’ত ঘৰৰ পৰা ওলাই যোৱাই বন্ধ হৈ গৈছিল। সেই আতংকৰ দিন হয়তো ঘূৰি নাহে। কিয়নো দেশৰ লগতে আমাৰ ৰাজ্যতো ক’ৰোনাৰ ভেকচিন দি থকা হৈছে। কিন্তু এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ সকলোৰে এটা চিন্তা থাকে। ভেকচিন লোৱাৰ পিছত সেয়ে নিজকে শক্তিশালী কৰি ৰাখিবলৈ এতিয়াৰ পৰা কৰক এনে খাদ্যাভ্যাস।

১. আপুনি দিনে কমেও আঢ়ৈ লিটাৰ পানী খাব লাগিব। সেই ক্ষেত্ৰত যদি পানীৰ চাহিদা পূৰণ কৰিব বিচাৰে, তেন্তে আপুনি ফলৰ ৰসো খাব পাৰে।

২. পুৱা শৰীৰত সূৰ্যৰ ৰ’দ লগাওক। ইয়াৰ লগতে আধাঘণ্টা হ’লেও শ্বাস-প্ৰশ্বাস শক্তিশালী কৰিবলৈ আসন কৰক। ই শৰীৰ আৰু মনকো শান্ত ৰাখিব।

৩. প্ৰতিদিনে খোজ কাঢ়ক। পুৱা বা সন্ধিয়া কমেও ৩০ মিনিট খোজ কাঢ়ক।

৪. টোপনি পৰ্যাপ্ত হ’ব লাগে। নিশা কমেও ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।

৫. ঋতুৰ ফল আৰু পাচলিবোৰ দৈনিক আহাৰত ৰাখিবই। নিয়মীয়াকৈ ভিটামিন ডি সমৃদ্ধ ফল খাব।

৬. আহাৰৰ তালিকাত হালধি, তুলসী পাত, মৌ, অখৰোট, কাজুবাদাম ৰাখিবলৈ নাপাহৰিব। পুৱা আৰু সন্ধিয়া সেইবোৰ খাব পাৰে।

৭. ডায়েবেটিচত ভুগি থকাসকলে চিকিৎসকৰ পৰামৰ্শ লৈ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা আহাৰ অনুসৰণ কৰা উচিত।

You might also like