নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত চোৰাং কণ্ডেনচেট তেল জব্দ, এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ দুলীয়াজান আৰক্ষীয়ে অইল অধ্যুষিত এলেকাত মঙলবাৰে নিশা অভিযান চলাই অইলৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰা লগতে এই চুৰি কাৰ্যত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত হৈছে দুলীয়াজান কঠালগুৰি পাঁচসূতি গাঁৱৰ চুনু সিং (৩৫) ওৰফে অশোক সিং । এক গোপন সূত্ৰৰ ভিত্তিত নিশা প্ৰায় ১১ বজাত আৰক্ষীয়ে চলোৱা অভিযানত উক্ত অভিযুক্তৰ ঘৰত মজুত ৰখা প্ৰায় ৮০০ লিটাৰ পৰিমাণৰ কেইবাটাও গিলানভৰ্ত্তি চোৰাং কণ্ডেনচেট জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ সূত্ৰ অনুসৰি বিগত সময়ৰ পৰাই চোৰাং চক্ৰৰ লগত জড়িত এনে দুস্কৃতিকাৰীয়ে অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপলাইন কাটি অতি কৌশলপূৰ্ণভাৱে খাৰুৱা তেল অথবা কণ্ডেনচেট চুৰি কৰি আহিছে । ইতিমধ্যে ধৃত লোকজনৰ বিৰুদ্ধে দুলীয়াজান থানাত ২৭১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 370/411 IPC R/W Sec. 3(2) (b) Prevention of damage to public property Act. R/W Sec. 23 The petroleum Act 1934 ধাৰাৰ অধীনত অভিযুক্তক আজি পুৱা ডিব্ৰুগড় জেল হাজোতলৈ প্ৰেৰণ কৰে ।

You might also like