নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন : মনোনয়ন দাখিল ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়ে শুকুৰবাৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। নতুন দিল্লীৰ এ আই চি চিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীক মনোনয়ন পত্ৰ প্ৰদান কৰে কে এন ত্ৰিপাঠীয়ে। ত্ৰিপাঠীৰ উপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লীকাৰ্জুন খৰ্গেও মনোনয়ন দাখিল কৰাৰ কথা। উল্লেখ্য যে ত্ৰিপাঠীয়ে কংগ্ৰেছৰ সৈতে জড়িত ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

You might also like