নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত পৰিবহণ বিভাগৰ অভিযানঃ নথি-পত্ৰ বিহীন শতাধিক ই-ৰিক্সা জব্দ

নিয়মীয়া বাৰ্তা, ১১ মেঃ আজি পুৱা চৰাইদেউ জিলাৰ পৰিবহণ বিষয়া ৰাজীৱ বৰদলৈৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা বৃহৎ অভিযানকাৰী দলে জিলাখনৰ সদৰ সোণাৰি নগৰৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ তালাচী অভিযান চলাই সোণাৰি নগৰৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰা উপযুক্ত নথি-পত্ৰৰ লগতে চালকৰ প্ৰমাণ পত্ৰ নথকা শতাধিক ই-ৰিক্সা জব্দ কৰে । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এই ই-ৰিক্সাসমূহে পৰিবহণ বিভাগৰ নিৰ্দেশনা উলংঘন কৰি পৰিবহণ বিভাগৰ উপযুক্ত নথি-পত্ৰৰ লগতে চালকৰ প্ৰমাণ পত্ৰ অবিহনে চলাই আহিছিল । ই-ৰিক্সাসমূহৰ পৰা পৰিবহন বিভাগে লক্ষাধিক টকা জৰিমনা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ।

ইফালে যোৱা কিছুদিনৰ পৰা পৰিবহণ বিষয়াজনৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ তালাচী অভিযান চলাই বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা অভাৰ লোড আৰু গাড়ীৰ উপযুক্ত নথি পত্ৰ নথকা কেইবাখনো ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । অভিযানকাৰী দলটোৱে কেৱল ডাম্পাৰেই নহয় নগৰখনত নিতৌ অহা পাচলিৰ গাড়ীকে ধৰি বহিঃ ৰাজ্যৰ পৰা অহা বিভিন্ন গাড়ীৰ বিৰুদ্ধে অভিযান চলাই নথি পত্ৰ বিহীন আৰু অভাৰ লোড গাড়ীৰ পৰা জৰিমনা বিহী অন্তিম বাৰৰ বাবে সকিয়নী দিয়ে । পৰিবহণ বিষয়া বিষয়া ৰাজীৱ বৰদলৈৰ এনে অভিযানক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে অনাগত দিনতো এনে অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে ।

প্ৰেৰক:-দীপাংকৰ পাল

You might also like