নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰিয়ংকা চোপ্ৰাৰ পৰা সোনম কাপুৰলৈ… কৃষক আন্দোলনৰ সমৰ্থনত বলীউড

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ কৃষি আইনৰ বিৰোধিতাৰে দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন ব্যক্ত কৰিছে বলীউড জগতৰ বহুকেইগৰাকী শিল্পীয়ে। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰা জোনছ আৰু প্ৰীতি জিণ্টাই কৃষক আন্দোলনক লৈ সমৰ্থন ব্যক্ত কৰি টুইট ব্যক্ত কৰিছে। ইয়াৰ লগতে সোনম কাপুৰেও সমৰ্থন ব্যক্ত কৰে। বলীউডৰ গায়ক দিলজিত ডোছাঞ্জাই কালি আন্দোলনৰ বাবে ১ কোটি টকা সাহায্য ঘোষণা কৰাৰ লগতে আন বহুকেইগৰাকী শিল্পীয়ে সমৰ্থন ব্যক্ত কৰিছে।

ছনু সূদ, তাপসী পান্নু, ৰীতেশ দেশমুখ,হনী সিং, ৰিচা চাদ্দা, হংসল মেহতা, চিত্ৰাংগদা সিং,কপিল শৰ্মা আধি বহুকেইগৰাকী সৰু-বৰ শিল্পীয়ে সমৰ্থন ব্যক্ত কৰে আন্দোলনলৈ। প্ৰতিগৰাকী শিল্পীয়ে কৃষক আন্দোলন সম্পৰ্কত নিজৰ মন্তব্য আগবঢ়াই কয় যে চৰকাৰে কৃষকৰ সমস্যা সমাধান কৰা উচিত।

উল্লেখ্য কাইলৈ ১১ বজাৰ পৰা আবেলি ৩ বজালৈ ভাৰত বন্ধৰ আহ্বান জনোৱা সংযুক্ত কৃষক মৰ্চাৰে ৯ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৈঠক অনুষ্ঠিত হব। আলি-দোমোজাৰ মাজত থকা বিষয়টোৱে শেষলৈ কি ৰূপ লয়, তাক লৈ প্ৰবল চৰ্চা চলিছে দেশত।

You might also like