ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অংগদান-ড্ৰাগছবিৰোধী পদযাত্ৰা
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শিল্পী মানস ৰবীনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে
অংগদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু ৰ’ট (ROT), গুৱাহাটীৰ সহযোগত এক বিশাল পদযাত্ৰা অনুষ্ঠিত হয়। “জীৱন অভিমুখে খোজ” শীৰ্ষক এই পদযাত্ৰাত ৰঙিয়াৰ বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, চিকিৎসক, সমাজসেৱী আৰু বিশিষ্ট ব্যক্তিয়ে সক্রিয় অংশগ্ৰহণ কৰে।
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা এই পদযাত্ৰাটোৱে অংগদানৰ গুৰুত্ব আৰু ড্ৰাগছৰ বিৰুদ্ধে সমাজিক সজাগতাৰ বার্তা প্ৰচাৰ কৰে। পদযাত্ৰাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী মানস ৰবীনে।
উদ্বোধনী ভাষণত তেওঁ কয় যে “আমাৰ সমাজত বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়োটাই সমান্তৰালভাৱে আগুৱাই যাব লাগিব, কিন্তু তাৰ মাজত যি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছে তাক আঁতৰাব লাগিব। আজিও অসমত ডাইনী হত্যা আৰু বেজ-বেজালিৰ প্ৰচলন বিদ্যমান- এইবোৰেই দেখুৱাই যে আমি সম্পূৰ্ণ বিজ্ঞানমনস্ক সমাজৰ পৰা এতিয়াও বহুদূৰ।”
মানস ৰবীনে অংগদানৰ মানৱিক গুৰুত্ব আৰু সমাজৰ অভিশাপস্বৰূপ ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে একতাবদ্ধ যুঁজৰ আহ্বান জনায়।
উল্লেখযোগ্য যে অহা ৭, ৮ আৰু ৯ নৱেম্বৰত ৰঙিয়াত অনুষ্ঠিত হ’ব ইলোৰা বিজ্ঞান মঞ্চৰ পঞ্চম ৰাজ্যিক অধিবেশন। অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপধ্যক্ষ ডঃ জয়দেৱ শৰ্মা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডঃ কালীপ্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক কমলেশ গুপ্ত, যুটীয়া সম্পাদক মনোজ ৰয়, নলবাৰী মেডিকেল কলেজৰ পঞ্জীয়ক ডঃ ৰাহুল কলিতা, বিশিষ্ট বিজ্ঞানী ডঃ জয়ন্তী চুতীয়া, ডঃ তপন কুমাৰ শৰ্মা, চলচ্চিত্ৰ পৰিচালক এহছান মজিদ, নাট পৰিচালক ডঃ সীতানাথ লহকৰ, পৰ্বতাৰোহী অৰ্চনা ভট্টাচাৰ্য, লগতে ৰঙিয়া সমজিলাৰ সহকাৰী আয়ুক্ত ৱাহিদুজ জামানসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
পদযাত্ৰাত নলবাৰী মেডিকেল কলেজ, নাৰ্ছিং কলেজ, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰিমত্ত বিদ্যাপীঠ, জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ, ৰঙিয়া টাউন H.S., ৰঙিয়া ছোৱালী H.S., পদুমকুঁৱৰী কলেজিয়েট হাইস্কুল, ৰঙিয়া ন্যাশনেল স্কুল, ইউক্লিড গ্ৰুপ অব ইনষ্টিটিউচন, ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়, ফাটেমা কনভেন্ট ইংলিছ স্কুল আদি প্ৰতিষ্ঠানৰ শতাধিক শিক্ষক-ছাত্ৰৰ অংশগ্ৰহণে পদযাত্ৰাটো এক সামুহিক জনজাগৰণৰ ৰূপ লয়।
অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শিল্পী মানস ৰবীনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বিগত ২০ বছৰ ধৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সক্ৰিয়ভাবে সমাজত সজাগতা সৃষ্টি কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
নিয়মীয়া বাৰ্তা, ৰঙিয়া, ৪ নৱেম্বৰ