নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ মাটিৰ অধিকাৰ বিচাৰি লখিমপুৰ কঁপালে গোৰ্খা ৰাইজে

মূলতঃ গোৰ্খা সকলৰ মাটিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত এনে অধিকাৰ বিচাৰি স্মাৰক পত্ৰ খন প্ৰেৰণ কৰে গোৰ্খা ছাত্র সন্হাই। বিভিন্ন সংগঠনৰ বিভিন্ন দাবীৰ উপৰি এইবাৰ গোৰ্খা সকল এনেদৰে মাটিৰ অধিকাৰ বিচাৰি ওলাই আহিছে।

যিমানে আগন্তুক বিধান সভা নিৰ্বাচনৰ সময় চমু চাপিছে  সিমানেই ৰাজ্যত বিভিন্ন দল সংগঠনে তেও লোকৰ বিভিন্ন দাবী পুৰণৰ বাবে কৰি অহা আন্দোলন তীব্রতৰ কৰি তুলিছে। জনজাতি কৰণ, স্বায়ত্তশাসন, ভূমিৰ অধিকাৰ আদি বিভিন্ন দাবীত চলা আন্দোলন প্ৰতিবাদ ক্ৰমে জোৰদাৰ হৈ পৰিছে। বিভিন্ন দল সংগঠনৰ এনে প্ৰতিবাদ মূখৰ পৰিবেশৰ মাজতে মাটিৰ অধিকাৰ বিচাৰি এইবাৰ ৰাজপথলৈ ওলাইছে গোৰ্খা সকল। বিশেষ কৈ ট্ৰাইবেল বেল্ট এন্ড ব্লকত বসবাস কৰা গোৰ্খা সকলক মাটিৰ অধিকাৰ দিয়াৰ দাবী জনায়। আজি এনে দাবীত গোৰ্খা ছাত্র সন্হাৰ উদ্যোগত  হেজাৰ হেজাৰ গোৰ্খা ৰাইজে লখিমপুৰ কপাই তোলে।

 গোৰ্খা সকলৰ মাটিৰ অধিকাৰ দিয়াৰ দাবীৰ আন্দোলন খনক আগুৱাই নিছে গোৰ্খা ছাত্র সন্হাই। সন্হাই গোৰ্খা ৰাইজৰ সহযোগত গ্রহণ কৰিছে প্ৰতিবাদী কাৰ্য্য সূচী। আজি প্ৰতিবাদত অংশ লৈ গোৰ্খা ছাত্র সন্হাৰ নেতৃত্বই কয় গোৰ্খা জনগোষ্ঠীৰ ৰাইজক যেনেদৰে চৰকাৰে প্ৰতাৰণা কৰিছে, যেনেদৰে প্ৰৱঞ্চনা কৰিছে  তাৰ বিৰুদ্ধে গোৰ্খা ছাত্র সন্হাই ৰাইজক লগত লৈ ওলাই আহিছে। চৰকাৰে বিশেষ কৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা গোৰ্খা সকলক মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগিব। বৰদলৈ মন্ত্রী সভাৰ দিনৰে পৰা গোৰ্খা সকলক সংৰক্ষিত শ্ৰেণী ৰূপে গণ্য কৰি অহা হৈছে। গোৰ্খা সকলক মাটিৰ ম্যাদী পট্ৰা প্ৰদান কৰিব লাগিব। আগন্তুক ২০২৬ ৰ নিৰ্বাচনৰ আগতে গোৰ্খা সকলক মাটিৰ অধিকাৰ প্ৰদান নকৰিলে আমি ইভিএমৰ জৰিয়তে চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছো। এই দৰে চৰকাৰক সকীয়াই দিয়ে গোৰ্খা ছাত্র সন্হাৰ নেতৃত্বই। উল্লেখ্য লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা সমদল কৰি হেজাৰ হেজাৰ গোৰ্খা ৰাইজে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা দিয়ে। পাছত  জিলা আয়ুক্তৰ জৰিয়তে মূখ্য মন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে গোৰ্খা ছাত্র সন্হাই।

স্মাৰক পত্ৰ খনত তেও লোকে উল্লেখ কৰে যে-স্বাধীনতাৰ  পাছত  অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) আইন, ১৯৪৭ প্ৰণয়নৰ অনুযায়ী এ এল আৰ আৰত দশম অধ্যায় সংযোজন কৰা হৈছে ১৬০ৰ পৰা ১৭১ ধাৰাৰে ।এ এল আৰ আৰৰ ১৬০(১) ধাৰাতৰাজ্য চৰকাৰে সেই শ্ৰেণীসমূহৰ সুৰক্ষাৰ বাবে উপযুক্ত বুলি ভবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, যিসকলে নিজৰ আদিম অৱস্থা আৰু শিক্ষা বা বস্তুগত সুবিধাৰ অভাৱৰ বাবে নিজৰ কল্যাণৰ যত্ন ল’ব নোৱাৰে। যিহেতু এনে কল্যাণ নিৰ্ভৰ কৰে তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ বাবে পৰ্যাপ্ত মাটি থকাৰ ওপৰত।

এ এল আৰ আৰৰ ১৬০ নং ধাৰাটোৰ উপ-ধাৰা (২)-এ ৰাজ্য চৰকাৰক চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ জৰিয়তে যিসকল লোকক সুৰক্ষাৰ অধিকাৰী বুলি বিবেচনা কৰে, সেই শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰিবলৈ ক্ষমতা প্ৰদান কৰে। তদুপৰি, এ এল আৰ আৰৰ ১৬১ নং ধাৰাত ৰাজ্য চৰকাৰক ১৬০ নং ধাৰাৰ উপ-ধাৰা (২)ৰ বিধানৰ অধীনত অৱগত কৰা লোকৰ শ্ৰেণীসমূহে প্ৰধানকৈ জনবসতিপূৰ্ণ অঞ্চলসমূহত কম্পেক্ট এলেকাসমূহ বেল্ট বা ব্লক হিচাপে গঠন কৰিবলৈ ক্ষমতা প্ৰদান কৰে। বেল্ট বা ব্লকত বাস কৰা সুৰক্ষিত শ্ৰেণীসমূহৰ সুৰক্ষা একত্ৰিত কৰিবলৈ দশম অধ্যায়ত বিশেষকৈ ১৬৫ নং ধাৰাত বৈধ কৰ্তৃত্ব নথকা ব্যক্তিসকলক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। ১৯৪৭ চনৰ সংশোধনী আইনখনে এ এল আৰ আৰত দশম অধ্যায় সন্নিৱিষ্ট কৰাৰ কিছু পাছত  অসম চৰকাৰৰ ৰাজহ (নিষ্পত্তি) বিভাগে অধিসূচনা জাৰি কৰি  ১৯৪৭ চনৰ ০৫ ডিচেম্বৰ তাৰিখৰ অধিসূচনা নং ৬৯/৪৬/১৯, যাৰ দ্বাৰা এ এল আৰ আৰৰ ১৬০(২)ৰ অধীনত সুৰক্ষাৰ অধিকাৰী লোকৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে য’ত নেপালী খেতিয়ক/গ্লেজিয়াৰ (সাধাৰণতে গোৰ্খা নামেৰে জনাজাত)ক সংৰক্ষিত শ্ৰেণীৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

তেওলোকে স্মাৰক পত্ৰ খনত আৰু উল্লেখ কৰে যে  জনজাতীয় বেল্টসমূহত গঠন অনুসৰি সুৰক্ষাৰ বাবে প্ৰাপ্য শ্ৰেণী হিচাপে নিৰ্দিষ্ট সাধাৰণ জনজাতি, পাহাৰীয়া জনজাতীয়, চাহ বাগিচাৰ জনজাতীয়, নেপালী খেতিয়ক-চৰা ইত্যাদিক উল্লেখ কৰা হৈছে। আনহাতে আমাৰ সীমান্তত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে আমাৰ সীমা  সংলগ্ন হোৱাৰ বাবে আমাৰ অধিকাংশ নাগৰিক সীমান্ত অঞ্চলত বাস কৰে।  আমাৰ জনসাধাৰণৰ মাজত সুৰক্ষাৰ যাতে ব্যৱস্থা কৰিব পৰা যায়। তাৰ দাবী জনালো। সীমান্তৰ সমস্যাটো যিমান পাৰি সোনকালে সমাধান হওক।ইয়াৰোপৰি   সংৰক্ষিত শ্ৰেণীৰ তালিকাৰ লোকৰ শ্ৰেণীসমূহৰ ভিতৰত নেপালী  লোকসকলক বিভিন্ন চৰকাৰী অধিসূচনাত গোৰ্খা বুলি অভিহিত কৰা হৈছে আৰু সেয়েহে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ হৈ  নেপালী খেতিয়কসকলক গোৰ্খা হিচাপে সলনি কৰক যাতে লখিমপুৰ জিলাত বসবাস কৰা লোকসকলে অসম চৰকাৰে প্ৰদান কৰা অনুসৰি তেওঁলোকৰ ভূমিৰ অধিকাৰ লাভ কৰে।তদুপৰি অনাগত দিনত লখিমপুৰ জিলাত বাস কৰা গোৰ্খাসকলে জনজাতীয় সংৰক্ষিত শ্ৰেণী হিচাপে স্বীকৃতি লাভ কৰিব বেল্ট আৰু ব্লকত।

 লতঃ গোৰ্খা সকলৰ মাটিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত এনে অধিকাৰ বিচাৰি স্মাৰক পত্ৰ খন প্ৰেৰণ কৰে গোৰ্খা ছাত্র সন্হাই। বিভিন্ন সংগঠনৰ বিভিন্ন দাবীৰ উপৰি এইবাৰ গোৰ্খা সকল এনেদৰে মাটিৰ অধিকাৰ বিচাৰি ওলাই আহিছে।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৫ ডিচেম্বৰ

You might also like