নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও বেদখলমুক্ত নহ’ল বটদ্রৱা থানৰ চৰকাৰী ভূমিঃ বেদখলকাৰীয়ে সাজি লোৱা ঘৰ–দুৱাৰত লাভ কৰিছে বিদ্যুৎ সংযোগ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ অসমীয়া জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি বটদ্রৱাৰ শ্রীশ্রী বটদ্রৱা থানৰ চৌপাশৰ বৃহৎ পৰিমাণৰ ভূমি বেদখলৰ কবলত আছে৷ ইতিমধ্যে থানখনৰ বেদখলীকৃত প্রায় ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে যদিও এতিয়াও থান চৌহদৰ আশে–পাশে থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷

অসম চৰকাৰে ছিপাঝাৰৰ গৰুখুঁটিত বেদখলকার্য উচ্ছেদ অভিযান চলোৱাত সন্তুষ্টি প্রকাশ কৰিছে গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ নৰোৱা সত্রৰ সত্রাধিকাৰ তথা শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে৷ তাৎপর্যপূর্ণভাৱে শ্রীশ্রী বটদ্রৱা থানক আধ্যাত্মিক আৰু পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত ভূমি আবণ্টন দিয়াৰ বিপৰীতে থানখনৰ গাতে লাগি থকা বেদখলকৃত চৰকাৰী বৃহৎ ভূমিখিনি বেদখলমুক্ত কৰাৰ বাবে এই পর্যন্ত কোনো যথোচিত ব্যৱস্থা গ্রহণ কৰা নাই৷

তদুপৰি শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিয়েও দীর্ঘদিন ধৰি বেদখলৰ বিষয়টোৰ ওপৰত বিভিন্ন সময়ত মাত মাতি আহিছে৷ এনে প্রেক্ষাপটত অসমৰ বৃহৎ ধর্মীয় অনুষ্ঠান বটদ্রৱা থানৰ চৌদিশৰ ভূমিত একাংশ বেদখলকাৰীয়ে দৃষ্টিকুটভাৱে বেদখল অৱ্যাহত ৰাখিছে৷ লক্ষণীয় যে শ্রীশ্রী বটদ্রৱা থানৰ নামত প্রায় ২৮৬ বিঘা মাটি আবণ্টন হৈ আছে যদিও ইয়াৰ আশে–পাশে থকা এক বৃহৎ ভূমি বেদখলকাৰীৰ কবলত আছে৷

বিশেষকৈ হাইডুবি পথাৰৰ ৩৪৬ নং দাগৰ প্রায় ৮০ বিঘা মাটি,বটদ্রৱা সত্রৰ বৰহিচা কিচামতৰ ১২৩ নং দাগৰ ১২৩ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্রায় ৫বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা মাটি আৰু লালুংগাঁও কিচামতৰ ২৬৫ বিঘা প্রাক্তন সৈনিকৰ নামত আবণ্টিত ভূমি বেদখলকাৰীৰ কবলত আছে৷

তদুপৰি গুৰুজনাৰ নামত প্রতিষ্ঠিত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত ধূপগুৰি কিচামতত আবণ্টিত ২২ বিঘা ভূমিত বেদখলকাৰীয়ে আগ্রাসন অব্যাহত ৰাখিছে৷ বটদ্রৱাৰ দাঁতিকাষৰীয়া কোবাইকটা সত্রৰ প্রায় ৫০ বিঘাৰো অধিক ভূমিত বেদখল অব্যাহত ৰাখিছে একাংশ দুষৃকতিকাৰীয়ে৷ আনকি এই সমূহ বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা–সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে৷ একাংশই কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে৷ ঠিক একেদৰে, হাইডুবি পথাৰ আৰু বটদ্রৱা বৰহিছা সত্রৰ দুশ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে অধিকাৰ কৰি অহাৰ লগতে কৃষি বীজ পাম আৰু ভোমোৰাগুৰি কিচামতৰ ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ–দুৱাৰ সাজি শতাধিক লোকে প্রায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে৷

একেদৰে শান্তিজান বজাৰৰ প্রায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে৷ দীর্ঘদিন ধৰি বটদ্রৱা থানৰ এই ভূমি প্রশাসনে বেদখল মুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও কি কাৰণে সফল হ’ব পৰা নাই সেইটো এতিয়া লাখটকীয়া প্রশ্ন হৈ পৰিছে৷ ৰহস্যজনকভাৱে ধিং ৰাজহ চক্র বিষয়া গৰাকীয়ে বেদখলৰ সন্দর্ভত চৰকাৰীভাৱে কোনো প্রতিবেদন দাখিল কৰা নাই বুলি সত্রাধিকাৰ গোস্বামীয়ে অভিযোগ প্রকাশ কৰিছে৷

You might also like