নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক পুত্রৰ নির্যাতনৰ বলি মাতৃৰ আশ্রয় বৃদ্ধাশ্রমত

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ নলবাৰী জিলাৰ বাঁহজানীৰ মদন মোহন সখোৱাৰ বোৱাৰী যদিও বর্তমানে মাজদিয়া নিৱাসী প্রয়াত ৰুচিনাথ শর্মাৰ ধর্মপত্নী তথা বিশিষ্ট লেখিকা সৰলা দেৱীৰ বৃদ্বা অৱস্থাত নামি আহিল ঘোৰ অমানিশা৷ একমাত্র শিক্ষক পুত্র তথা কবি বুলি জহাই থকা মানসজ্যোতি শর্মা আৰু এল আই চিত চাকৰি কৰা বোৱাৰী গুৰুপ্রীতম মানস শর্মাই জন্মদাতা মাতৃ সৰলা দেৱীক অৱর্ণীয় নির্যাতন চলোৱাৰ অভিযোগে সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

তথাকথিত উচ্চ শিক্ষিত পুত্র–বোৱাৰীৰ শাৰীৰিক, মানসিকভাৱে চলোৱা অকথ্য নির্যাতন সহিব নোৱাৰি শেষত ১ অক্টোবৰ জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনাই নলবাৰী থানাত দুই হূদয়হীন, কুলাংগাৰ পুত্র–বোৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু ন্যায় বিচাৰে৷ শেষত ৭০ বছৰৰ ঊর্ধ্বৰ বৃদ্ধাগৰাকীয়ে সাংবাদিক মজিবুৰ ৰহমানে পৰিচালনা কৰা শান্তি নিৱাস অনাথ আৰু বৃদ্ধা আশ্রম নলবাৰীলৈ গৈ আশ্রয় বিচাৰে৷ বৃদ্ধাৰ আহ্বানক সঁহাৰি জনায় আশ্রম কর্তৃপক্ষই তেওঁক আশ্রয় দিয়ে৷

উল্লেখ্য যে পাঁচগৰাকী কন্যাসহ একমাত্র পুত্র সন্তানৰ বৃদ্ধা মাতৃ সৰলা দেৱী অভিযোগ কৰা মতে, পুত্র মানসজ্যোতি পাঞ্জাবী যুৱতী গুৰুপ্রীতম মানস শর্মাক বিয়া কৰোৱাৰ পিছৰ পৰাই মাতৃক এৰি চলাৰ লগতে নির্যাতন চলাই ঘৰৰ পৰা ওলাই যাবলৈ অকথ্য ভাষাৰে বহুবাৰ সকীয়াই দিছিল৷ নলবাৰীৰ বৌদ্ধিক ক্ষেত্রখনৰ আদৰৰ সৰলা দেৱী বৃদ্ধাশ্রমত থকা বুলি জানি বিগত তিনি দিনে বিভিন্নজনে খা–খবৰ কৰে৷

অৱশেষত বৃদ্ধাগৰাকীক নলবাৰী বিদ্যাপুৰ নিৱাসী নিভা দেৱী নামৰ কন্যা আৰু জেজাৱায়েক দিগন্ত লোচন শর্মাসহ পৰিয়ালে দেওবাৰে সন্ধিয়া আশ্রমৰ পৰা লৈ আহে আৰু ইয়াতে কেইদিনমান থকাৰ পিছত তেজপুৰৰ বিভা দেৱী নামৰ কন্যাগৰাকী নিব বুলি জনা গৈছে৷

সাংবাদিক মজিবুৰ ৰহমান আৰু বৃদ্ধাৰ দুই কন্যা, জোঁৱাই তথা তেওঁৰ পৰিয়ালৰ বদান্যতাক ৰাইজে আদৰণি জনোৱাৰ বিপৰীতে একমাত্র শিক্ষক, কবি বুলি জহোৱা পুত্রক আৰু বোৱাৰীক ধিক্কাৰ দিয়ে৷ আনকি ৰাইজে আইনৰ মাজেৰে সম্পত্তিসমূহ হস্তগত কৰি বিক্রী কৰি দিবলৈও ৰাইজে বৃদ্ধাক আহ্বান জনায়৷

You might also like