নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত পুনৰ শ্বহীদক অপমানঃ শ্বহীদ দয়া নাথ শৰ্মাক হত্যাকাৰী আখ্যা দিয়াৰ লগতে অশ্লীল মন্তব্য ফেচবুকত 

নিয়মীয়া বাৰ্তা   ৫ অক্টোবৰ : কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ পিছত এইবাৰ ফেচবুকত শ্বহীদক অপমান বিজনীৰ হান্নান শিকদাৰ নামৰ এজন যুৱকৰ। বিজনীৰ কাৱাটিকা নিবাসী উচ্চ শিক্ষিত হান্নান শিকদাৰ নামৰ যুৱকজনে শ্বহীদ দয়া নাথ শৰ্মাক এজন হত্যাকাৰী বুলি উল্লেখ কৰি অশ্লীল মন্তব্য কৰে নিজৰ ফেচবুক একাউণ্টত। এইক্ষেত্ৰত বিজনী আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুদীপ চন্দই বিজনী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত সম্পাদক গৰাকীয়ে অসম আন্দোলনৰ শ্বহীদ দয়া নাথ শৰ্মাক অপমান কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহব বুলি উল্লেখ কৰে।

জাতীয় শ্বহীদ জনক সামাজিক মাধ্যমত অশ্লীল ভাষাৰে অপমান কৰা আৰু শ্বহীদ গৰাকীক হত্যাকাৰী বুলি উল্লেখ কৰা কাৰ্যক নিন্দা কৰাৰ লগতে হান্নান শিকদাৰক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।

আনফালে উক্ত কাৰ্যৰ বিৰুদ্ধে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সৌৰভজ্যোতি সূত্ৰধৰে অসমৰ কোনো শ্বহীদক কৰা অপমান আছুৱে কেতিয়াও মানি নলয়। একেই ক্ষেত্ৰত বিধায়ক শ্বেৰমান আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গতিকে হান্নান শিকদাৰ নামৰ যুৱকজনে যি অশ্লীল ভাষাৰে জাতীয় শ্বহীদ গৰাকীক হত্যাকাৰী বুলি উল্লেখ কৰিছে এইক্ষেত্ৰত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব বুলি আইনৰ ওপৰত বিশ্বাস আছে বুলি মন্তব্য কৰে। জানিব পৰা মতে এই সংক্ৰান্তত বিজনী থানাত হান্নান শিকদাৰৰ ওপৰত 407/21 নম্বৰত কেছ ৰুজু কৰে।

You might also like