ওদালগুৰিত ৰাজসাহায্যযুক্ত সাৰৰ ক’লা বজাৰ; এমআৰপিতকৈ ৪০ শতাংশ অধিক মূল্য দি ক্রয় কৰিবলৈ বাধ্য কৃষক
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ কৃষিকার্যৰ বাবে প্রয়োজনীয় ৰাসায়নিক সাৰৰ কৃত্রিম নাটনি আৰু অত্যধিক মূল্যই বাৰুকৈয়ে সমস্যাত পেলাইছে ওদালগুৰিৰ কৃষকসকলক৷ কেন্দ্রীয় চৰকাৰে কৃষকৰ বাবে প্রায় ৰাসায়নিক সাৰত যথেষ্ট ৰাজসাহায্য প্রদান কৰিছে যদিও ওদালগুৰিত কৃষকে ৰাজসাহায্যযুক্ত সাৰ লাভ কৰাটো দূৰৰে কথা এমআৰপিতকৈ ৪০ শতাংশ অধিক দামত ক্রয় কৰিবলগীয়া হৈছে৷
এমআৰপিতকৈ অধিক মূল্য দিলেও কিছুমান প্রয়োজনীয় ৰাসায়নিক সাৰ ওদালগুৰিৰ বজাৰত উপলব্ধ নোহোৱাত চিন্তিত হৈছে ওদালগুৰিৰ কৃষকসকল৷ বিশেষকৈ ধান খেতিৰ বাবে প্রয়োজনীয় ডিএপি সাৰৰ কৃত্রিম নাটনিয়ে কৃষকসকলক সমস্যাত পেলোৱাৰ সমান্তৰালকৈ ধানৰ উৎপাদন হ্রাস হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ প্রায় আশী শতাংশ লোকেই কৃষিজীৱী আৰু কৃষিকার্যৰ ওপৰতেই নির্ভৰ কৰি ঘৰ আৰু পৰিয়ালৰ ভৰণ পোষণ দি আহিছে৷
সময়ৰ আহ্বানৰ প্রতি লক্ষ্য ৰাখি ওদালগুৰিৰ কৃষকসকলেও আধুনিক পদ্ধতিৰে কৃষিকার্যত আত্মনিয়োগ কৰি অধিক উৎপাদনৰ জৰিয়তে কিছু লাভৰ মুখ দেখিছিল যদিও বিগত প্রায় এটা বছৰ ধৰি ৰাসায়নিক সাৰৰ পৰা আদি কৰি প্রায় সকলো কৃষি সামগ্রী আৰু সঁজুলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে সমস্যাত পেলাইছে কৃষকসকল৷ কেন্দ্রীয় চৰকাৰে কৃষকসকলৰ বাবে ৰাসায়নিক সাৰত যথেষ্ট পৰিমাণে ৰাজসাহায্য ঘোষণা কৰিছে যদিও ৰাজসাহায্যযুক্ত সাৰ ওদালগুৰিৰ কোনো এগৰাকী কৃষকে ক্রয় কৰিবলৈ পোৱা নাই৷ কৃষকে ৰাসায়নিক সাৰৰ ক্ষেত্রত ৰাজসাহায্য লাভ কৰাটো দূৰৰে কথা এমআৰপিৰ মূল্যতো ৰাসায়নিক সাৰ ক্রয় কৰিবলৈ পোৱা নাই৷
কৃষকসকলে জানিবলৈ দিয়া মতে, বর্তমান ওদালগুৰিত পৰচ বেণ্ডৰ প্রতি বেগ এনপিকে সাৰ ১৭৫০ টকাত ক্রয় কৰিবলগীয়া হৈছে৷ এই সাৰৰ এমআৰপি দৰ ১৬৫০ টকাৰো কম আৰু তাতো চৰকাৰী ৰাজসাহায্য প্রায় পাঁচশ টকা বুলি উল্লেখ থাকে৷ একেদৰে, ইউৰিয়া সাৰৰ ক্ষেত্রতো এমআৰপিতকৈ দুগুণ মূল্য দি কৃষকসকলে ক্রয় কৰিবলগীয়া হয়৷ এনেদৰে ৰাসায়নিক সাৰ অত্যধিক মূল্যত ক্রয় কৰিবলৈ কৃষকসকল বাধ্য হৈছে যদিও কৃষি বিভাগে এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰা বুলি অভিযোগ উত্থাপন হৈছে৷
প্রকৃততে, ৰাজসাহায্যযুক্ত ৰাসায়নিক সাৰ কিয় এনেদৰে অধিকতম খুচুৰা মূল্যতকৈ দুগুণ মূল্যত বিক্রী হৈছে এই সংক্রান্তত উচ্চ পর্যায়ৰ তদন্ত কৰি কৃষকক উচিত মূল্যত সকলো ৰাসায়নিক সাৰ আৰু অন্য কৃষি সঁজুলি উপলব্ধ কৰাবৰ বাবে ওদালগুৰিৰ কৃষকসকলে চৰকাৰক দাবী উত্থাপন কৰিছে৷