নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ–এছিয়া কাপ বয়কটৰ হুংকাৰ পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: অক্টোবৰত ভাৰতত অনুষ্ঠিত হ’ব লগা এদিনীয়া ক্রিকেট বিশ্বকাপ আৰু ইয়াৰ পিছতে আয়োজন কৰিবলগীয়া এছিয়াকাপ বয়কট কৰিবলৈ সাজু হৈছে পাকিস্তান৷ দেশখনৰ এটি টিভি চেনেলত দিয়া সাক্ষাৎকাৰত এই হুংকাৰ দিছে পাকিস্তান ক্রিকেট ব’ডৰ সভাপতি নাজাম শেঠীয়ে৷ এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ বয়কট কৰিলে লোকচান হ’বলগীয়া ৩ মিলিয়ন ডলাৰ ক্ষতিৰ বাবেও প্রস্তুত হৈছে পাক ক্রিকেট ব’ড৷ শেঠীয়ে কয়– আমি যদি এছিয়াকাপ নেখেলোঁ, তেনেহ’লে ৩ মিলিয়ন ডলাৰ ক্ষতিৰ সন্মুখীন হ’ম৷ আমি যদি বিশ্বকাপত নেখেলোঁ অথবা বিশ্বকাপ বর্জন কৰোঁ, তেনেহ’লে আই চি চিৰ সৈতে আমাৰ সম্পর্ক বেয়া হ’ব৷ ভাৰত–পাকিস্তানৰ মেচে সুকীয়া গুৰুত্ব বহন কৰে৷ ইয়াক লৈ বিভিন্ন ইছ্যু সৃষ্টি হ’ব৷ তেওঁ লগতে কয় আচলতে আর্থিক বিষয়টো উদ্বিগ্ণ হ’বলগীয়া৷ সেই ক্ষেত্রত মোৰ ব্যক্তিগত মতামত হ’ল পূর্বে আর্থিক বিষয়ত পাক ব’ড আই চি চিৰ ওপৰত নির্ভৰশীল আছিল৷ সেইবাবে তেওঁলোকৰ চর্তাৱলী আমি মানি ল’বলগীয়া হৈছিল৷ এতিয়া আমাৰ শক্তিশালী পাকিস্তান ছুপাৰ লীগ অনুষ্ঠিত হয়৷ তাৰ পৰা আমাৰ যথেষ্ট আয় হয়৷ আমি আর্থিকভাৱে আত্মনির্ভৰশীল হৈছোঁ৷ আই চি চিয়ে যি পৰিমাণৰ আর্থিক সাহায্য দিব সেই পৰিমাণৰ ধন আমি এতিয়া পি এছ এলৰ পৰাই লাভ কৰোঁ৷ সেইবাবে আমি সিদ্ধান্ত লৈছোঁ, এছিয়া কাপ আৰু বিশ্বকাপ বয়কট কৰিলে যি ৩ মিলিয়ন ডলাৰ ক্ষতি হ’ব সেয়া আমি গ্রহণ কৰিম৷ আমাৰ সন্মান আৰু ৰাজনৈতিক মতাদর্শৰো ৰক্ষা কৰিবলৈ আমি এই সিদ্ধান্ত গ্রহণ কৰিম৷ শেঠীয়ে আৰু কয় যে পাকিস্তানৰ জনসাধাৰণেও দলটো ভাৰতলৈ গৈ খেলাটো নিবিচাৰে৷ যিহেতু ভাৰত পাকিস্তানলৈ খেলিবলৈ নাহে, সেইবাবে এই দেশৰ খেলুৱৈসকলো তালৈ নোযোৱাটো বিচাৰিব পাকিস্তানৰ জনসাধাৰণে৷

You might also like