নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেৰাই পোৱা ATMৰ পৰা উলিয়ালে লক্ষাধিক টকাৰ ধনঃ বৰহোলাত পাঁচজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : যোৰহাট জিলাৰ বৰহোলাত এ টি এমৰ পৰা ধন হৰলুকি কৰি আজি পাঁচজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বৰহোলা আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰহোলাৰ লোণপুৰীয়া গাঁৱৰ ভাস্কৰ ৰাজখোৱা, বসন্ত কোঁচ, হেমন্ত কোঁচ, প্ৰনৱ ৰাজখোৱা আৰু যদুমণি শইকীয়া নামৰ পাঁচজনক। বৰহোলাৰ ৰূপক দত্ত নামৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা এ এটি এম যোগে কৌশলেৰে ওলাইছিল ধনখিনি।

উল্লেখ্য যে ৰূপক দত্তৰ এ এটি এমখন ১৪ অক্টোবৰত বৰহোলা চাৰিআলিত হেৰাইছিল। সেই হেৰুৱা এ টি এমখন পাই পাঁচজনীয়া দলটোৱে কৌশলে এ টি এমৰ পৰা এক লাখতকৈয়ো অধিক টকা উলিয়াই লৈ যায়। ইফালে এ টি এমখনৰ গৰাকী ৰূপক দত্তই লগে লগে বৰহোলা আৰক্ষী থানাত দাখিল কৰা ১৩৫/২০২১ নং গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল বৰহোলা আৰক্ষীয়ে। আৰক্ষীৰ তাৎক্ষণিক অভিযানত পাঁচজনীয়া দলটোক জালত পেলাই আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আটকাধীন যুৱককেইজনৰ পৰা অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Input: অজয় শইকীয়া, নগাবাট

You might also like