নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত দেশ মাতৃৰ বাবে প্ৰাণ দিয়া শ্বহীদ কানাই লাল দাসক গভীৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : উগ্ৰপন্থী সংগঠন মাওবাদীৰে সাহসৰে যুজঁ দি ২০০৪ চনৰ ১০ এপ্ৰিলত চট্টিচগড়ত দেশ মাতৃৰ বাবে প্ৰাণাহুতি দিয়া চি আৰ পি এফ জোৱান তথা আমিনগাঁও মৰিয়াপট্টীৰ সুসন্তান কানাই লাল দাসক আজি নিজ জন্ম ভূমিত গভীৰ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

লগতে বীৰ জোৱান জনৰ স্মৃতিত আজি আমিনগাঁও কালীবাৰীৰ পৰা শিৱ মন্দিৰ পথটো তেওঁৰ নামত উৎসৰ্গা কৰা হয় । পথটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে বীৰ জোৱান জনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাণী স্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়নৰ পৰা লোৱা এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে ।

ইফালে আজিৰ এই মহৎ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমিনগাঁও কালীবাৰী দুৰ্গা পূজা প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়নৰ সহকাৰী উপ পৰিদৰ্শক জয়পাল সিং পৰিহাৰে আত ধৰা অনুষ্ঠানত বীৰ শ্বহীদ জনৰ ধৰ্মপত্নী চিত্ৰা দাসে স্বামীৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰাৰ লগতে স্বামী বিহীন ১৭ বছৰীয়া কষ্টকৰ জীৱনৰ কথা উল্লেখ কৰে । অনুষ্ঠানত আমিনগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৰ‌‌ৎ শৰ্মা , ৮০ নং লাচিতগড় গাও পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস , গাওবুঢ়া সুৰেণ দাস , সমাজকৰ্মী অমিৰণ সিং, উপ পৰিদৰ্শক সঞ্জয় কুমাৰ ডুবে , সাংবাদিক দিলীপ দাস , সমাজকৰ্মী তৰণী দাসে ভাষণ প্ৰদান কৰি অমৰ বীৰ শ্বহীদগৰাকীয়ে দেশ মাতৃৰ বাবে দিয়া জীৱন বলিদানৰ কথা বৰ্ণনা কৰে ।

You might also like