নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলব্লকত ফুটবল প্ৰশিক্ষণ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ একমাত্ৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ জংঘল ব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত জংঘলব্লক হাইস্কুল খেলপথাৰত আজিৰে পৰা চাৰিদিনীয়া উচ্চ পৰ্য্যায়ৰ ফুটবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । এই উদ্দেশ্যে আয়োজক সমিতিৰ সম্পাদক সুদীপ শইকীয়াই আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানত আয়োজক সমিতিৰ সভাপতি নগেন গগৈয়ে আদৰণি ভাষন প্ৰদান কৰে । তেওঁ আদৰণি ভাষণ প্ৰদান কৰি ফুটবল প্ৰশিক্ষাৰ্থীসকলক নিষ্ঠা আৰু সততাৰে ফুটবলক ভাল পাবলৈ আহ্বান জনোৱাৰ লগতে নিজ নিজ অঞ্চলত দায়বদ্ধতাৰ পৰিচায় ডাঙি ধৰিব পাৰিব লাগিব বুলি মন্তব্য কৰে । এই অনুষ্ঠানত বাঁ‌হনি চাহ কোম্পানীৰ সঞ্চালক সুদীপ্ত ফুকন, বাঁ‌হনি চাহ বাগিচাৰ পৰিচালক মনোজ বৰগোঁ‌হাই, শিক্ষক – প্ৰাক্তন ফুটবলাৰ স্বচ্ছ গগৈ, টি এম পি কেৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি মিঠাৰাম ৰেগন আদিয়ে বক্তব্য প্ৰদান কৰি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে । বৰ্তমানলৈকে চুঙাজান, ধনশিৰি, শিৱসাগৰ, টিয়ক, যোৰহাট, কাকজান, উৰিয়ামঘাট অঞ্চলৰ প্ৰায় কুৰি গৰাকী ফুটবল প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ শিবিৰত অংশ লৈছে । এই শিবিৰত ছাইৰ প্ৰাক্তন সঞ্চালক তথা ফুটবল প্ৰশিক্ষক তাপস ভৌমিকে মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়াইছে । তেওঁ ফুটবলৰ বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ আগবঢ়াব । উল্লেখযোগ্য যে, জংঘলব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰই বিগত কেইবাটাও বছৰত এইদৰে আগশাৰীৰ ফুটবল প্ৰশিক্ষকৰ দ্বাৰা উচ্চ পৰ্য্যায়ৰ ফুটবল প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।

দিব্যজ্যোতি শইকীয়া

You might also like