নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত মৰিগাঁও জিলা পৰ্যায়ত এদিনীয়া কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী:  আজি মৰিগাঁও টাউন চিনিঅ’ৰ চেকেণ্ডাৰী বিদ্যালয়ত “প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি” ৰ অধীনত মৰিগাঁও জিলা পৰ্যায়ত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় ৷ জিনাখনৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকলে প্ৰশিক্ষাৰ্থী ৰূপে অংশগ্ৰহণ কৰা প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ সফল ৰূপায়ণ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত ১৮ জানুৱাৰীত প্ৰধান মন্ত্ৰী পোষণ আঁচনি বিষয়ক এই এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ জিলা আঁচনি বিষয়া ৰোহিনী কুমাৰ দত্ত , কৌশিক ৰাজ বৰা আৰু জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাজুমনি শইকীয়াই সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে। তদুপৰি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ জয়া বড়ো আৰু কৃষি বিভাগৰ কস্তুৰী শিৱম, আদি বিভিন্ন বিষয়াই সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকলে প্ৰশিক্ষাৰ্থী ৰূপে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত উপস্থিত থকা এই এদিনীয়া প্ৰশিক্ষণ মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক বুলি গগৈ ভূঞাৰ তত্বাবধানত অনুষ্ঠিত হয় ৷

You might also like