ধুবুৰীত গৰাকীবিহীন চাৰিটা গো-ধন উদ্ধাৰ আৰক্ষীৰ
আগন্তুক ঈদ-উল আজহাৰ আগে আগে ধুবুৰী চহৰৰ পৰা সামান্য নিলগৰ বৰলুইতৰ মাজৰ এটা সৰু বালিৰ চাপৰিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ এটি দলে গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
ধুবুৰী চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুৰী পাৰঘাটৰ পৰা কিছু নিলগৰ সেই সৰু চাপৰিটোত আৰক্ষীৰ দল এখন ইঞ্জিনচালিত বোটেৰে উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰে।
তাৎপৰ্যপৰ্ণ ভাবে, চাৰিওদিশে বৰলুইতৰ পানীৰে আৱৰি থকা সেই চাপৰিটোত গৰু কেইটা কেনেকৈ আহিল বা কিয় অনা হ’ল সেয়া এক প্ৰশ্ন হৈ দেখা দিছে আৰু আৰক্ষীৰ তদন্ত সকলো উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।
ইপিনে, কাষতে থকা এটা ডাঙৰ চৰাঞ্চলৰ কাষৰ সেই চাপৰিটোত নৈখনৰ বাম ঠাইৰে পদব্ৰজে গৰু কেইটা অনা হৈছিল নেকি বুলিও কিন্তু স্থানীয় একাংশ মহলে সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ মে’