নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ স্বাধীনতা সংগ্ৰামী দেৱেস্বৰ দলৈৰ কভিড ১৯ত পৰলোক ; মহাত্মা গান্ধীৰ সৈতে কৰিছিল পদযাত্ৰা

নিয়মীয়া বাৰ্তা,৩ মে : মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্ৰামৰ সতীৰ্থ দেৱশ্বৰ দলৈৰ পৰলোকপ্ৰাপ্তি ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ।তিনিদিন পূৰ্বে স্বাধীনতা সংগ্ৰামী জন আক্ৰান্ত হৈছিল কভিডত। সদৌ অসম মুক্তি যুঁজাৰু সভাপতি আছিল তেখেত।গুৱাহাটীৰ ৰূপনগৰ স্থিত মুক্তি যুঁজাৰু কাৰ্য্যালয় নিৰ্মাণ কৰিছিল দেৱেস্বৰ দলৈয়ে।
যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনো নিৰ্মাণ কৰাৰ গুৰি ধৰিছিল দেৱেস্বৰ দলৈয়ে।
যোৰহাটৰ পৰা টিয়কলৈ মহাত্মা গান্ধীৰ সৈতে একেলগে গৈছিল সতীৰ্থ তথা অহিংস সংগ্ৰামী দেৱেস্বৰ দলৈ।কুশল কোঁৱৰৰ লগত একেটা কাৰাগাৰৰ কোঠাতে আছিল দেৱেস্বৰ দলৈ।
দেৱেস্বৰ দলৈয়ে চাৰিজন পুত্ৰ-বোৱাৰী, পৰিবাৰ,নাতি নাতিনী এৰি থৈ যায়।

You might also like