নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ৩০এপ্ৰিল : অহা ২ মে’ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড-19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চি আৰ পি চি ৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

সেই অনুসৰি ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে আটচবাজি, ফটকা আদি ফুটোৱা, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ ৰক্তিম বৰুৱাই এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে ।এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

You might also like