নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞানৰত্ন সাহিত্য একাডেমীৰ বঁটা প্ৰদান : দিলীপ কুমাৰ ৰয়লৈ শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা

ডেৰকুৰিৰো ওপৰ স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে বিভিন্ন বাতৰি কাকতত তেওঁৰ সাহিত্য, সংস্কৃতি, ভাষা, সমাজ, ধৰ্ম, ভূগোল, পৰিৱেশ, ব্যাকৰণ আদি বিষয় সম্পৰ্কত প্ৰবন্ধ প্ৰকাশ পাই আহিছে

জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে সাহিত্য, সমাজ আৰু শিক্ষকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বজালী জিলাৰ পাটাছাৰকুছি নিবাসী তথা কনিমাৰা হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰয়লৈ “শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা” আগবঢ়াইছে।

আজি গুৱাহাটীৰ অমলপ্ৰভা ভৱনত অনুষ্ঠিত একাডেমীৰ ১১সংখ্যক সন্মিলনত একাডেমীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড° হেমচন্দ্ৰ বৰ্মণ আৰু উপদেষ্টা ভানু বৰাই ২০২৫ বৰ্ষৰ আন আন বঁটাসমূহৰ লগতে শ্ৰীৰয়লৈ এই বঁটা প্ৰদান কৰে।

উল্লেখ্য যে ভাৰতবৰ্ষৰ নিটি আয়োগৰ দ্বাৰা স্বীকৃত জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে সমাজ, সাহিত্য আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিগত দহবছৰৰ দৰে এইবেলিও বিভিন্ন শিতানত বিশিষ্ট লোকক জ্ঞানৰত্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে।

ইয়াৰ ভিতৰত বজালী জিলাৰ পৰা এই বঁটা লাভ কৰা একমাত্ৰ বিশিষ্ট লেখক , সমাজসেৱক আৰু সৰ্বোপৰি কৃতী শিক্ষক দিলীপ কুমাৰ ৰয় অন্যতম। উল্লেখ্য যে ৰয়ে কৃতিত্বৰে একুৰি ওঠৰ বছৰ শিক্ষকতা কৰি চলিত অক্টোবৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব। অধ্যয়নপ্ৰিয় ৰয়ে ইতিমধ্যে গৱেষণামূলকভাৱে “বজালীৰ স্থানীয় উপভাষা”-ৰ লগতে অসমীঅ ভাষাৰ ব্যৱহাৰিক ব্যাকৰণ, বজালীৰ সাৰথি, বজালীৰ লোকবিশ্বাস আৰু পাঠকৰ দৃষ্টিত সাহিত্য বিচাৰ নামৰ পাঁচখন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে কেবাখনো গ্ৰন্থ প্ৰকাশৰ পথত আছে।

তদুপৰি ৰয়ে ডেৰকুৰিৰো ওপৰ স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে বিভিন্ন বাতৰি কাকতত তেওঁৰ সাহিত্য, সংস্কৃতি, ভাষা, সমাজ, ধৰ্ম, ভূগোল, পৰিৱেশ, ব্যাকৰণ আদি বিষয় সম্পৰ্কত প্ৰবন্ধ প্ৰকাশ পাই আহিছে। সৰুৰে পৰা কঠোৰ শ্ৰম আৰু অধ্যয়নত ব্ৰতী ৰয় সাহিত্য চৰ্চা কৰাৰ লগতে একেধাৰে এগৰাকী সাংবাদিক হিচাপেও একুৰিৰো অধিক কাল সেৱা আগবঢ়াইছিল।

অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ৰয়ে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত হৈ ৰাইজৰ সমাদৰ লাভ কৰি আহিছে। জ্ঞানৰত্ন সাহিত্য একাডেমী, ভাৰতৰ ৰাষ্ট্ৰীয় সভাপতি ড° হেমচন্দ্র বর্মণৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ উপদেষ্টা ভানু বৰা, মুখ্য সমন্বয়ক ৰকিবুল আজাদৰ লগতে মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝি উপস্থিত থাকে।

মাজুলী শ্রীশ্রীনতুন কমলাবাৰী সত্ৰৰ সত্যজিত মহন্ত, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° বৈজয়ন্তী গোস্বামী, নর্থ ইষ্ট বুক অফ ৰেকৰ্ডৰ অধ্যক্ষ সোনমনি দত্ত, শিক্ষাবিদ ড° মহানন্দ কুমাৰ, সমাজসৱক দেৱেন চন্দ্ৰ ভূঞা আদি বিশিষ্টসকলো উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২৩ অক্টোবৰ

You might also like