নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ শালমৰাৰ মৃৎ শিল্পী আৰু নাওশিল্পীসকলৰ জীৱনলৈ ভয়াৱহ সমস্যাৰ আগমন

নিয়মীয়া বাৰ্তা, ২৪ জুলাই: দ্বীপ জিলা মাজুলীৰ পূব প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া গাঁও শালমৰা। এই শালমৰা গাঁৱৰ ৰাইজে মৃৎ শিল্প আৰু নাও শিল্পৰ লগত জড়িত হৈ পূৰ্বৰে পৰা জীৱন নিৰ্বাহ কৰি আহিছে। এই মৃৎ শিল্পী সকলে তৈয়াৰ কৰা মাটিৰ পাত্ৰ অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী হয় ।কালৰ গতিত এই গাঁওখনলৈ বিপদৰ ওপৰত বিপদ আহিছে। মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ যিখিনি কেঁচা মাটিৰ (কুমাৰ মাটি) প্ৰয়োজন হয় সেই মাটি খিনি পূৰ্বতে নদৰ পাৰতে পাইছিল আৰু তাৰে কিছু মাটি নদীৰ পৰা উঠাই কৰ্ম জৰিয়তে ব্যৱহাৰ কৰিছিল।কিন্তু কালৰ গতিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ন কৰিবলৈ লয় ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খন্দা কাৰ্য বন্ধ কৰিব লগা হয় প্ৰশাসনে । এফালে বন্ধ জীৱিকাৰ মূল উৎস মাটি সংগ্ৰহৰ কাম আনফালে নিজৰ ভেটি ৰক্ষাৰ চৰকাৰী আচঁনিলৈ সহযোগিতা। নিজৰ জীৱিকা বন্ধৰে ভৱিষ্যত অন্ধকাৰ দেখা গাঁওবাসীৰ , আশা আছিল গাঁওখন অৰ্থাৎ মাজুলী খন সুৰক্ষিত হব। দিন ,মাহ, বছৰ বাগৰিল । কেঁচা মাটিৰ অভাৱত দূৰ দূৰণিৰ পৰা বহু কষ্টেৰে মাটি সংগ্ৰহ কৰি কোনোমতে মাটিৰ পাত্ৰ নিৰ্মানেৰে জীৱিকা চলাই গল গাঁওবাসীয়ে । মাত্র এটাই আশা , নিজৰ অন্তিম অস্থায়ী ভেটিটো ৰক্ষা হওঁক । কিন্তু সেই আশা পূৰ্ণ নহল বৰঞ্চ তেতিয়াৰ দিনৰ শালমৰা নিঃশেষ হৈ এতিয়া নাম মাত্ৰ শালমৰাৰ কিঞ্চিত ভূমি আছেগৈ। শালমৰা গাঁৱৰ মৃৎ শিল্প আৰু নাও শিল্পক চাবলৈ দেশী, বিদেশী পৰ্যটক  আহে । শালমৰাৰ মৃতশিল্প কেৱল গাঁওবাসীৰ জীৱিকা নাছিল । ই আছিল মাজুলীৰ পৰ্যটনৰ এক অংশ । জীৱন জীৱিকাৰ মাধ্যমেৰে মাজুলীৰ পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ দিশ জীয়াই ৰখা এই সকল মৃশিল্পীয়ে বছৰৰ পাছত বছৰ যোৰহাট, শিৱসাগৰৰ পৰাও মাটি সংগ্ৰহ কৰি জীৱিকা উপার্জনত ব্ৰতী হৈছিল। কিন্তু এতিয়া সেই মাটি তাৰ পৰা আনিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।।কিয়নো সেই মাটিৰ দাম  ইমানেই বৃদ্ধি কৰিলে যে  শিল্পৰ লগত জড়িত সকলে মাটি কিনি আনি পাত্ৰ তৈয়াৰ কৰি বিক্ৰীৰ বাবে উলিয়াই দি এটকাও লাভৰ মুখ নেদেখে ।। ।বৰ্তমান এই মৃৎ শিল্পলৈ যি এক শংকা নামি আহিছে সেই শংকাই ইংগিত দিছে যে , কিছু দিনৰ পিছত এই শিল্প নিঃশেষ হব।যদি মাটি সংগ্ৰহ কৰিব নোৱাৰাৰ এই সমস্যা সমস্যা হৈয়ে থাকে তেন্তে নিশ্চিতভাৱে মৃতশিল্পত অচিৰেই মৃত্যু ঘণ্টা বাজীৱ ।তেতিয়া ইয়াৰ বাবে দায়ী কোন হ’ব ?এই শিল্পৰ লগত জড়িত ব্যক্তি সকলৰ জীৱন নিৰ্বাহত হোৱা সমস্যা সমূহ কোনে উপলব্ধি কৰিব?এই শিল্পৰ লগত জড়িত ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন কোন দিশে গতি কৰিব ? একে ধৰণে নাও শিল্প লৈও এক ভয়াবহ পৰিস্থিতি আহিছে যিটো গাঁওবাসীয়ে কেতিয়াও কল্পনা কৰা হোৱা নাছিল।এই নাও বনাবলৈ বৰ্তমান প্ৰয়োজনীয় কাঠৰ অভাৱ।কেতিয়াবা কাঠ পালে বন বিষয়া সকলৰ পৰাও সমস্যা হয়। নাও তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী সমূহৰ দামো পূৰ্বত কৈ বহুত বেছি হল। অসমৰ বিভিন্ন ঠাইত এই গাঁৱৰ নাও শিল্পী সকলে তৈয়াৰ কৰি দিয়া নাও ব্যৱহাৰ হৈ আছে। এতিয়াও গাঁও খনৰ বহুজনৰ জীৱিকাৰ উৎস নাও নিৰ্মান কৰা । কিন্তু উপযুক্ত কাঠৰ অভাৱত গাঁও খনত এতিয়া কমিছে নাও নিৰ্মাণৰ কাম।  ফলত জীৱিকাৰ তাড়নাত শিল্পী সকলে যোৰহাট, মাজুলী, শিৱসাগৰৰ ভিন্ন প্ৰান্তত আনৰ নাও নিৰ্মানেৰে জীৱিকা অর্জন কৰিছে। মাজুলিৰে গৌৰৱৰ সম্পদ শিল্প দুবিধ থিতাতে হেৰুৱাব লগীয়া অনাকাংক্ষিত। পৰিস্থিতি এটাৰ লাহে লাহে সন্মুখীন হৈ গাঁওবাসীয়ে দিক বিদিক হেৰুৱাইছে । ইফালে জীৱিকাৰ উৎস মাটি খনন কাৰ্যকে ত্যাগ কৰি সুৰক্ষা আচঁনিলৈ সহযোগ কৰাৰ পাছতো এতিয়াও বুমেৰেং হৈয়ে থাকিল সুৰক্ষা আঁচনি । প্ৰতি বছৰেই বহু পৰিয়ালে খহনীয়াৰ বাবেই ভগনীয়া মানুহৰ দৰে স্থান সলনি কৰি ঘূৰি ফুৰাৰ সংগ্ৰামখন চলাই থাকিব লগাই হৈছে । যি সময়ত ভিন্ন নিৰ্মান সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰিছে তেনে সময়তে বাৰে বাৰে স্থান সলনি কৰি ঘৰ নিৰ্মান কৰি জীৱন যুদ্ধত লিপ্ত হব লগা সকলেহে বুজিব নৈ পৰিয়া জীৱন সংগ্ৰাম কি ? এনে সময়ত চৰকাৰী কৰ্তৃপক্ষই গাঁও খনৰ বাসিন্দা সকলৰ জীৱন জীৱিকাৰ এই গুৰুতৰ সমস্যাক অনুধাৱন নকৰিলে এই সকল দুখীয়া নিছলা পৰিয়ালৰ নিজাববীয়াকৈ কৰিবলৈ আছেই বা কি । কিন্তু সময় বাগৰাৰ লগে লগে চৰকাৰী ঘোষিত আঁচনিৰ বিপৰীত ছবি এখনহে গাঁওবাসীয়ে বিগত 22 বছৰে প্ৰত্যক্ষ কৰি আহিছে। ইমানৰ পাছতো গাঁওখন, অঞ্চলটোৰ সুৰক্ষাৰ দিশটোৰ লগতে মৃতশিল্প আৰু নৌকা শিল্পৰ ভৱিষ্যত চিন্তা নকৰিলে এই ঐতিহাসিক শিল্প দুবিধৰ লগতে মাজুলী পৰ্যটনৰ ঐতিহ্য শালমৰা অংশটোৱেই অচিৰেই ইতিহাস হ’ব ।
You might also like