নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত পৰীক্ষা চৰ্চা-২০২৩

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত চলি থকা বিদ্যালয়ৰ গুণোৎসৱ কাৰ্য্যসুচী আজি কামৰূপ জিলাৰ বকো শিক্ষাখণ্ডৰ অধিনৰ ছাটাবাৰী আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হয়। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ তত্বাৱধানত ছাটাবাৰী আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হয় পৰীক্ষা চৰ্চা-২০২৩ বৰ্ষৰ চিত্ৰাংকন প্ৰতিযোগিতা। চলি থকা গুণোৎৱসত ছাত্ৰ ছাত্ৰীৰ মাজত গুণগত মানদণ্ডৰ বৌদ্ধিক জ্ঞানৰ লগতে কৌশলী প্ৰতিযোগিতাৰ উপৰিও আজি অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতি নিৰ্দেশনা অনুসাৰে বিজেপিৰ উদ্যোগত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত আয়োজন কৰে বঁটা বিতৰণী সভা। ছাটাবাৰী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰ ধৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বটা বিতৰণী সভাত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জ্ঞানৰ আলোকপাত কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই ; কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। অনুস্থানত দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে; অসম চৰকাৰৰ সংহত জনজাতীয় উন্নয়ণ প্ৰকল্প কামৰূপৰ অধ্যক্ষা লাৱন্য বড়ো; বিজেপি নেতা তথা ভূমি উপদেষ্টা বোৰ্ডৰ সদস্য কুশলজ্যোতি মালাকৰ; বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উপ সভাপতি লংকেশ্বৰ কলিতা ; সাধাৰণ সম্পাদক দীলিপ কুমাৰ দাস ; সম্পাদক পৰমানন্দ দাস; নিগমানন্দ ঠাকুৰীয়া; বিশিষ্ট চিত্ৰ শিল্পী মঞ্জয় ৰাজবংশী; শিক্ষা বিভাগৰ বিসয়া ছুইটি বেজবৰুৱা আৰু সংগীতা তালুকদাৰ; ছাটাবাৰী আঞ্চলিক হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি মনোজ ঠাকুৰীয়াকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। ইফালে চিত্ৰাংকন প্ৰতিযোগিতাত দুটা শাখাত যথেষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীক বঁটা আৰু প্ৰমাণ পত্ৰৰে সন্মান প্ৰদান কৰে কুইন ওজাই। দিনযোৰা কাৰ্য্যসুচীত সহশ্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাই সহযোগ আগবঢ়ায়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like