নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিৰ দৈগ্ৰোং নৈত বালিৰ অবৈধ খনন অব্যাহত

সংকটত নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : বন সুৰক্ষাৰ বাবে নিয়োজিত বন বিষয়াৰ পৃষ্ঠপোষকতাতে মৰঙিৰ দৈগ্ৰোং নদীত চলি থকা অবৈধ খননৰ ফলতে ক্ৰমাৎ অস্তিত্বহীন হোৱাৰ দিশে মৰঙিৰ আয়ুসৰেখাস্বৰূপ দৈগ্ৰোং নদী৷ সকলো বন নীতি-নিৰ্দেশনা জ্বলাঞ্জলি দি নদীৰ বুকুৰ লগতে পাৰত অবৈধ বালি ব্যৱসায়ীয়ে খননকাৰ্য অব্যাহত ৰাখিছে৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষিত হস্তী প্ৰকল্পৰ কাজিৰঙা-কাৰ্বি আংলং, ধনশিৰি-লামডিং আৰু ইণ্টাংকি এলিফেণ্ট ৰিজাৰ্ভে সামৰি লোৱা নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে বৈ অহা দৈগ্ৰোং নদীৰ দুয়োপাৰে চোৰাং ব্যৱসায়ীয়ে কৰা বালি-শিলৰ মুক্ত খননৰ পৃষ্ঠপোষকৰ ৰূপত অৱতীৰ্ণ হৈছে খুদ বন বিষয়া৷ বিশেষকৈ বকিয়াল খণ্ড বন বিষয়া কুলদ্বীপ বৰ্মনৰ নেতৃত্বতেই মৰঙিত বনজ সম্পদৰ চোৰাং সাম্ৰাজ্যখন চলি আহিছে বুলি স্থানীয় ৰাইজে বহুদিনৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছে৷

দৈগ্ৰোং নদীৰ পৰা বালি সংগ্ৰহৰ বাবে চৰকাৰে বান্ধি দিয়া অংটোৰ বহু উজনিৰ চেঁচা বিলৰ এলবিচ ঘাট, দীপক ঘাট, শুকনাথ ঘাট, জোনা ঘাট, প্ৰেমপ্ৰকাশ ঘাট, যুগনেচ ঘাট, দুলু ঘাট আদি নামেৰে পৰিচিত অবৈধ বালিৰ ঘাটসমুহত জেচিবি মেচিনেৰে বালি খনন অব্যাহত আছে৷ কালি অৰ্থাৎ ২২ ছেপ্তেম্বৰ তাৰিখে সাংবাদিকৰ এটা দল উক্ত অঞ্চললৈ গৈ জেচিবি মেচিন আৰু বালি নিবলৈ অহা ডাম্পাৰ গাড়ীসমুহ খণ্ড বন বিষয়া কুলদ্বীপ বৰ্মনক দেখুৱাই দিছিল যদিও চোৰাং বালিৰ ব্যৱসায়ীৰ পৰা নিয়মীয়াকৈ কমিচন লাভ কৰি থকা বন বিষয়াজনে কোনো প্ৰতিক্ৰিয়াই প্ৰকাশ নকৰিলে৷ উল্লেখ কৰিব পাৰি যে চোৰাং শিল-বালি আৰু চোৰাং কাঠৰ ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগতে বকিয়াল খণ্ড বন বিষয়াজনক বদলি কৰা হৈছিল যদিও উৰ্দ্ধতন বিষয়াৰ স’তে গোপণ বুজাবুজিৰে বদলিৰ নিৰ্দেশ বাতিল কৰাই একে ঠাইতে থাকি গ’ল দুৰ্নীতিগ্ৰস্থ বিষয়াজন৷

ইফালে হস্তী প্ৰকল্পই সামৰি লোৱা অঞ্চলত নদীৰ পৰা শিল-বালি সংগ্ৰহৰ বাবে মেচিনৰ ব্যৱহাৰ নিষিদ্ধ কৰা আছে যদিও বন বিষয়াৰ পৃষ্ঠপোষকতাতে দৈগ্ৰোং নদীত যন্ত্ৰৰ অবাধ ব্যৱহাৰ প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰিছে মৰঙিৰ সাংবাদিক, প্ৰকৃতিৰ কৰ্মী আৰু সাধাৰণ ৰাইজ৷ বালি মাফিয়াই নদীৰ পাৰবোৰ খান্দি বনৰীয়া হাতীৰ অহাযোৱা পথবোৰ নিশ্চিহ্ন কৰি হাতীৰ স্বাভাৱিক যাত্ৰাত বাধা আৰোপ কৰাটোৱেই মৰঙিত হাতী-মানুহৰ সংঘাতৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হোৱাৰ পাছতো বন বিভাগৰ একাংশ বিষয়াই কেৱল কমিচনৰ অংকতেই চকুমুদা কুলিৰ ভাও ধৰি বন মাফিয়াৰ হাতত অঞ্চলটোৰ বনজ সম্পদ গটাই দিছে৷ দৈনিক শ শ ট্ৰাক শিল-বালি প্ৰয়োজনীয় নথিপত্ৰৰ অবিহনে অঞ্চলটোৰ পৰা ওলাই যোৱাত বিশাল পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈছে অসম চৰকাৰ৷ সেয়েহে সমগ্ৰ বিষটোক অসম চৰকাৰৰ ইক’নমিক অফেঞ্চ উইংছৰ (EOW) আওতালৈ আনি তদন্ত কৰিবলৈ দাবী জনাইছে প্ৰকৃতিৰ কৰ্মী আৰু স্থানীয় ৰাইজে।

You might also like