নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিত প্রধানমন্ত্রী মোদীক আদৰিবলৈ ‘নিম আলিবাট’ নিৰ্মাণ বিধায়ক মৃণাল শইকীয়াৰ

অসমবাসীৰ বহু আকাংক্ষিত অসম বায়’ ইথানল প্ৰকল্প অহা ১৪ ছেপ্টেম্বৰত শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে৷ ইয়াৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ২.১৫ বজাত অস্থায়ী হেলিপেডত অৱতৰণ কৰি খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিৰ লেটেকুজানত স্থাপিত অসম বায়’ ইথানল প্ৰকল্প উদ্বোধনৰ পিছতে ২.৪৫ বজাত মৰঙিৰ গোবিন্দপুৰস্থিত নুমলীগড় শোধনাগাৰ টেংকাৰ পাৰ্কিঙৰ অস্থায়ী মণ্ডপত আয়োজিত জনসভা সম্বোধন কৰিব আৰু ৪ বজাত সভা সামৰি ৰাওনা হ’ব ৷

ইফালে অসম বায়’ ইথানল প্ৰকল্পৰ পৰা জনসভালৈ আহিব লগা নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ২.২ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটো খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নামকৰণ কৰিছে “প্ৰধানমন্ত্ৰী নিম আলিবাট“ (Prime Minister Neem Corridor ) নামেৰে ৷

ইতিমধ্যেই যোৱা ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ কেইবাজনো মন্ত্ৰী বিধায়কে পথটোৰ দুয়োকাষে ৰোপণ কৰিছে নিমপুলি৷ পথটোৰ দুয়োকাষে প্ৰায় ৬০০ নিমপুলি ৰোপণ কৰি বিধায়ক মৃণাল শইকীয়াই এক পৰিবেশ সজাগতা বৃদ্ধি কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

ইতিমধ্যে বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰী নিম আলিবাট নামকৰণ কৰি বৃহৎ তোৰণ স্থাপন কৰাৰ  লগতে পথটোৰ দুয়োকাষে বৃহৎ বৃহৎ হৰ্ডিং স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিক আদৰণি জনোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ এই সকলো দিশ চোৱা-চিতা কৰি প্ৰস্তুতি সম্পাদনৰ বাবে গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱলা, বিধায়ক মানৱ ডেকা, সুশান্ত বুঢ়াগোহাঁই যোৱা ১০ দিন মৃণাল শইকীয়াসহ মৰঙিত বাহৰ পাতি দিনে ৰাতিয়ে তদাৰক কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জনসভা সাফল্যমণ্ডিত কৰাৰ বাবে মৰঙি মণ্ডল বিজেপি কাৰ্যালয়ত সঘনাই সভা পাতি কাৰ্যকৰ্তা সকলক লগত লৈ যৎপৰোনাস্তি কৰিছে৷

নিয়মীয়া বাৰ্তা, মৰঙি, ১৩ ছেপ্টেম্বৰ

You might also like