নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটত আলোচনাৰ পাছত ৰাজহুৱা হ’ব SIT-ৰ প্রতিবেদন, মুখ্যমন্ত্রীৰ ঘোষণা

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত বিশেষ তদন্তকাৰী গোট চমুকৈ SIT-য়ে দাখিল কৰা প্রতিবেদনক লৈ অব্যাহত আছে ক্রিয়া–প্রতিক্রিয়া৷ ৯৬ পৃষ্ঠাৰ প্রতিবেদনখনত কি আছে তাক লৈ সকলোৰে মাজত বৃদ্ধি পাই আছে উৎসুকতা৷ এনে উৎসুকতাৰ মাজতে প্রতিবেদন ৰাজহুৱা কৰাৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– এছআইটিয়ে দাখিল কৰা প্রতিবেদনখনত যথেষ্ট গুৰুত্বপূর্ণ তথ্য আছে আৰু এই তথ্যসমূহৰ আধাৰত চৰকাৰে ব্যৱস্থাও ল’ব৷ বিটিচি নির্বাচনৰ পাছত কেবিনেটত আলোচনা কৰি এই প্রতিবেদনখন ৰাজহুৱা কৰিম৷ একে সময়তে আইনৰ মাজেৰে প্রতিবেদন অনুসৰিয়েই ব্যৱস্থা গ্রহণ কৰা হ’ব৷

মুখ্যমন্ত্রীয় কয়– প্রতিবেদনখনক লৈ চৰকাৰখনে এখন নাটক কৰিব বুলি যি ধাৰণা কৰিছিল, সেয়া নহ’ব৷ চৰকাৰে গাম্ভীর্যতাৰ সৈতে কাম কৰে, চৰকাৰে টিআৰপিৰ বাবে কাম নকৰে, চৰকাৰে নিজৰ প্রক্রিয়াৰ মাজেৰে এছআইটিৰ প্রতিবেদন ৰাজহুৱা কৰিব৷ এই প্রতিবেদনত ৯৬টা পৃষ্ঠা আছে৷ গতিকে নিশ্চয় তাত গুৰুত্বপূর্ণ তথ্য থাকিব৷ নহ’লে ৯৬টা পৃষ্ঠা বুঢ়ীআইৰ সাধুৰ দৰে লিখি থোৱা হোৱা নাই৷

এইখন প্রতিবেদনৰ গাম্ভীর্যতা সকলোৱে বুজি পাব৷ প্রতিবেদন সন্দর্ভত মুখ্যমন্ত্রীয়ে ইয়াকো কয়– প্রতিবেদনৰ ভিত্তিত কোন লোকক জেৰা কৰা হ’ব, সেই বিষয়টোত কংগ্রেছৰ কর্মীয়ে সিদ্ধান্ত ল’ব নোৱাৰে, সেয়া আৰক্ষীয়ে ল’ব৷ কংগ্রেছৰ কর্মীবোৰ সৰহসংখ্যকেই সন্দেহযুক্ত নাগৰিক৷ শেহতীয়াকৈ হৈ যোৱা কংগ্রেছৰ মিটিঙত সন্দেহযুক্ত নাগৰিকসকলে ভাগ লৈছে৷

৭০ শতাংশ কংগ্রেছী সদস্যই সন্দেহযুক্ত নাগৰিক৷ মোৰ দিনত এনআৰচি হ’লে সকলোৱে বাব বাব দেখি গ’লহেঁতেন৷ ইফালে, প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ সকলো পৰিকল্পনা ফ্লপ বুলি উল্লেখ কৰি ইয়াৰ পূর্বে ৰাহুল গান্ধীৰ বডী ডাবলৰ প্রসংগতো তেওঁ ফ্লপ হৈছিল বুলি কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রীয়ে৷ এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই বডী ডাবলৰ নাম, ফটো ৰাজহুৱাভাৱে প্রকাশ কৰিছোঁ৷

যিজন লোকে অসমত ৰাহুল গান্ধীৰ বডী ডাবল হিচাপে আহিছিল, তেওঁৰ নাম–ঠিকনা–ফটো সকলোবোৰ সংবাদ মেল পাতি ৰাজহুৱা কৰিছোঁ৷ আমি প্রমাণ কৰি দিছিলোঁ কিদৰে ৰাহুল গান্ধীয়ে বডী ডাবলৰ জৰিয়তে অসমৰ লোকসকলক প্রতাৰণা কৰিছিল৷ কিদৰে গাড়ীৰ পৰা হাত জোকাৰিছিল বডী ডাবলে৷

আনহাতে, মুখ্যমন্ত্রীগৰাকীয়ে বিজেপি নেতাৰ কংগ্রেছত যোগদানক লৈ সৃষ্টি হোৱা হৈ–চৈৰ প্রসংগতো প্রতিক্রিয়া প্রকাশ কৰি কয়– কংগ্রেছ নেতা বিজেপিত যোগদান কৰিলে তেওঁলোকক ন–বিজেপি বুলি কয়৷ এতিয়া কংগ্রেছত যোগদান কৰা নেতাকেইজনক ন–কংগ্রেছী বুলি ক’বনে নক’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– কংগ্রেছে বিটিআৰত কৰা প্রতিখন মিটিঙৰ ৯০জন লোক আমাৰ লোক৷

কংগ্রেছৰ মিটিঙত মানুহ নোহোৱাৰ বাবে গৌৰৱ গগৈয়ে ব্লক, মণ্ডল সভাপতিক ফোন কৰি গালি পাৰি আছে৷ কংগ্রেছৰ প্রতিটো খবৰ মোলৈ মিনিটে মিনিটে আহি থাকে৷ গতিকে গৌৰৱ গগৈয়ে কেনেকৈ পাকিস্তান গৈছিল, কেনেকৈ ঘূৰি আহিল সকলো খবৰ আমাৰ ওচৰত আছে৷ বিটিচি নির্বাচনৰ পাছতেই ৰাজহুৱাভাৱে ফাদিল কৰা হ’ব এই তথ্য৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ ছেপ্টেম্বৰ

You might also like