নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীত ৫০ হাজাৰ লোকৰ জনসমদল

সমদলত জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত" গীতটো পৰিৱেশন কৰি আকাশ বতাহ মুখৰিত কৰে

প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ পৰা আৰম্ভ হৈছে জন সমদল। আজিৰ এই সমদলত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া,ৰাজ্যিক কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিজেপি নলবাৰী জিলাৰ সভাপতি জয়ন্ত বুজৰবৰুৱাৰ লগতে বিজেপি কাৰ্যকৰ্তা সকল তথা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ হাজাৰৰ অধিক জুবিন অনুৰাগী তথা ৰাইজ।

পুৱা ১০ বজাত নলবাৰী শ্বহীদ মুকন্দ কাকতি বাছ আস্থানৰ পৰা জয় জুবিন দা,জুবিন দা অমৰ হওঁক,জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে,অপৰাধীক কঠোৰতম শাস্তি দিয়ক আদি শ্লো-গাণৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ পৰা বিজেপি নেতা-কৰ্মীৰ লগতে ৰাইজৰ এক বৃহৎ গণ সমদল উলিওৱা হয়। হাতে হাতে প্লে কাৰ্ড লৈ নলবাৰী চহৰৰ মাজেৰে বৃহৎ সমদল কৰি গৰ্ডন হাইস্কুল খেল পথাৰত উপস্থিত হয়।

নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাই আঁতধৰা জুবিন গাৰ্গৰ ন্যায় বিচৰা সভাত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে আজিহে জুবিন গাৰ্গৰ প্ৰকৃত অনুগামী সকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। একেদৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই সমদল উলিওৱা উলিয়াইছো।

মহান শিল্পী গৰাকীৰ ন্যায় সোনকালে পোৱাৰ বাবে ন্যায়ালয়ত হেচা দিয়াৰ বাবেই এই গণসমদল কৰা হৈছে। ইফালে কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ নামত কুট কৌশলৰ ৰাজনীতি কৰি থকাৰ অভিযোগ কৰি ভাষণ দিয়ে। উল্লেখ্য যে কেইবা হাজাৰো সমদলকাৰীয়ে  সমদলত জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত” গীতটো পৰিৱেশন কৰি আকাশ বতাহ মুখৰিত কৰা পৰিলক্ষিত হয়।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ ২২ অক্টোবৰ

You might also like