নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Cruise Drug Party: শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানকে ধৰি ৮জন লোক আটক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে শনিবাৰে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টিৰ গোচৰৰ সন্দৰ্ভত আঠজন লোকক আটক কৰে। আটকাধীন লোকসকলৰ ভিতৰত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আছে। বাতৰি অনুসৰি, এনচিবিয়ে দুগৰাকী মহিলাকো আটক কৰিছে। এনচিবিৰ মুৰব্বী এছ এন প্ৰধানে কয় যে আটকাধীন ব্যক্তিসকলৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী অভিযান চলোৱা হ’ব।

এনচিবি মুম্বাইৰ সঞ্চালক সমীৰ ৱানখেড়ে কয় যে এই ঘটনাৰ সংক্ৰান্তত আৰিয়ান খান, আৰৱাজ মাৰ্চেণ্ট, মুনমুন ধামেচা, নুপুৰ চাৰিকা, ইমিত সিং, মোহেক জাছৱাল, বিক্ৰান্ত ছোকাৰ, গোমিত চোপ্ৰাক সোধা-পোছা কৰা হৈছে।

মন কৰিবলগীয়া যে সমীৰ ৱানখেড়েৰ নেতৃত্বত এনচিবিৰ এটা দলে শনিবাৰে সন্ধিয়া চোৰাংচোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত গোৱা অভিমুখী এখন ক্ৰুজ জাহাজত অভিযান চলায়। য’ৰ পৰা ড্ৰাগছো উদ্ধাৰ কৰা হৈছে।

You might also like