নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি World Heart Day… জানি লওক হৃদপিণ্ডজনিত এই তথ্য

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ আজি বিশ্ব হৃদয় দিৱস। প্ৰতিবছৰৰ ২৯ ছেপ্টেম্বৰৰ দিনটোত এই দিৱস বিশ্বজুৰি পালন কৰা হয়। বিশ্বত ক্ৰমশঃ আশংকাজনকভাৱে বৃদ্ধি পোৱা হৃদৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাই এই দিৱস অনুষ্ঠিত কৰাৰ অন্যতম কাৰণ।

whoৰ মতে, প্ৰতিবছৰে ১৭.৯ নিযুত লোকৰ প্ৰাণনাশ হয় হৃদৰোগত। শাৰীৰিক অনুশীলনৰ অভাৱ তথা মানসিক চাপৰ প্ৰকোপ বৃদ্ধি হৈ অহাৰ সমান্তৰালভাৱে বৃদ্ধি হৈ আছে হৃদৰোগজনিত সমস্যা।

আপুনি জানেনে হৃদপিণ্ড সম্পৰ্কীয় গুৰুত্বপূৰ্ণ এই তথ্য
এটা দিনত আমাৰ হৃদপিণ্ড প্ৰায় ১ লাখবাৰলৈ ধপধপায়।
হৃদপিণ্ডই ৭৫ লাখ কোটি কোষলৈ ৰক্ত প্ৰদান কৰে।
হৃদপিণ্ডই এদিন যিমান শক্তি উৎপাদন কৰে, সেই শক্তিৰে এখন ট্ৰাক ৩৫ কিলোমিটাৰলৈ গমন কৰিব পাৰে।
গোটেই জীৱনজুৰি এটা হৃদপিণ্ডই ১১৯ কোটি লিটাৰ ৰক্ত পাম্প কৰে।

কিন্তু এনে হৃদপিণ্ডৰ লগতে আমি ধেমালিসুলভ ব্যৱহাৰ কৰো। চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰী শৰীৰত লওঁ, যাৰ ফলত হৃদপিণ্ড দুৰ্বল হৈ পৰে।

হৃদৰোগজনিত সমস্যাৰ পৰা বাচিবলৈ কৰক এই মূল অভ্যাস
প্ৰতিদিনে ৩০ মিনিট ব্যায়াম
খোজ কঢ়া, জগিং, যোগ বা জিম- যিকোনো এটা আধাঘণ্টাৰ বাবে কৰাৰ অভ্যাস কৰক।

খাদ্য সজাগতা
নিমখ কমকৈ খোৱাৰ অভ্যাস কৰক। তেল বা চৰ্বীজাতীয় খাদ্য কমকৈ খাওক, লগতে ফাষ্টফুডৰ পৰা আঁতৰি থকাই মংগলজনক।
চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰী সদায়ে বৰ্জনীয়।

মানসিক চাপ কমাবলৈ আধ্যাত্মিক কৰ্ম ধ্যান কৰিব পাৰে।

You might also like