নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত হৰ ঘৰ দস্তক অভিযানত অথন্তৰঃ লাগিলে মোক গুলিয়াই মাৰক কিন্তু মই কভিড ভেকচিন নলও বুলি চিঞৰ এজন যুৱকৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  জোনাইত স্বাস্থ্য বিভাগৰ স্বাস্থ্য বিষয়া ড০ কিশোৰ কুমাৰ কামানৰ নেতৃত্বত ঘৰে ঘৰে চিকিৎসক–স্বাস্থ্য কৰ্মী দল৷ পাঁচ ডিচেম্বৰত শেষ কৰাৰ লক্ষ্য ক’ভিড ভেকচিনৰ প্রথম পালি৷ এশ শতাংশ টিকাকৰণৰ লক্ষ্যৰে এতিয়া নামি পৰিছে চিকিৎসক–চিকিৎসা কর্মী৷ পিছে জোনাইত আজি ভেকচিন দিবলৈ যোৱা চিকিৎসক, আৰু স্বাস্থ্যকর্মীৰ দলৰ লটিঘটি হ’ল৷ কিয়নো চিকিৎসকৰ দল দেখি ক্রোধান্বিত হৈ পৰিল এজন ভেকচিন নোলোৱা যুৱকৰ৷ স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ লগত তর্ক–বিতর্কত লিপ্ত হয় যুৱকজনে কয় “লাগিলে মোক গুলিয়াই মাৰক কিন্তু মই কভিড ভেকচিন নলও”
উল্লেখযোগ্য যে জোনাইৰ ২ নং মূৰ্কংচেলেকৰ ৰাজু পেগু নামৰ যুৱকজন বি এ অ, নাৰ্চ আশাকৰ্মী লগতে চেক্টৰ বিষয়াই ভেকচিন লৱলৈ অনুৰোধ জনোৱাৰ পিছত যুৱকজনে পিছত কভিড ভেকচিন লম কয় নোলোৱাত অৱশেষত যুৱকজনৰ ঘৰত উপস্থিত হয় জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান, জোনাই আৰক্ষীৰ দল লগতে স্বাস্থ্য কৰ্মী আৰু নিয়োগ বিষয়া কৰ্মী৷ ইফালে এনেকৈ স্বাস্থ্য কৰ্মী আৰু আৰক্ষী প্ৰশাসন দলে বলে আহি কভিড ভেকচিন দিবলৈ অহা দেখি খংঙত যুৱকজনে মোক গুলিয়াই মাৰক কিন্তু মই কভিড ভেকচিন নলও বুলি চিঞৰি চিঞৰি স্বাস্থ্য কৰ্মীৰ সৈতে লাগে তৰ্ক যুদ্ধ৷ অৱশেষত জোনাই মহকুমা স্বাস্থ্য বিষয়াৰ লগতে আৰক্ষীৰ বহু বুজনিৰ অন্ততভেকচিন গ্ৰহণ কৰে ৰাজু পেগু নামৰ যুৱকজনে৷ জানিব পৰা মতে ৰাজু পেগু নামৰ যুৱকজনৰ  বেজিলৈ  খুৱ ভয় কৰে যাৰ বাবে আজিলৈ এবাৰো বেজি লৈ পোৱা নাই যুৱকজন৷ যাৰ বাবে সৃষ্টি হ’ল এনে পৰিস্থিতিৰ।

You might also like