নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৭সংখ্যক কটহগুৰি ৰঙালী বিহু উৎসৱৰ প্ৰস্তুতি, মুখ্য আকৰ্ষণ কৃষ্ণমণি নাথ

নিয়মীয়া বৰ্তা, ১১ এপ্ৰিলঃ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক ফুলগুৰি কৃষক বিদ্ৰোহৰ প্ৰধান সেনাপতি লক্ষণ সিং ডেকাৰ জন্মভূমি  কটহগুৰিত ৬৭সংখ্যক ৰঙালী বিহুৰ ব্যাপক আয়োজন কৰিছে। বিগত ২০২০ বৰ্ষত মহামাৰী ক’ৰোনাৰ বাবে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহুক উদযাপন কৰিব নোৱাৰিলে যদিও এইবাৰ ক’ভিড প্ৰট’কল মানি পূৰ্বৰ দৰে চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহুৰ আয়োজন কৰিছে।

তদুপলক্ষে ৰূপক ডেকাক সভাপতি, ফুলেশ্বৰ বৰদলৈক কাৰ্যকৰী সভাপতি অভিজিৎ কোঁৱৰক সম্পাদক, অনন্ত কোঁৱৰ, যোগেন ডেকা আৰু তৰুণ ডেকাক সহঃ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি এক ব’হাগ পুৱা বিহুৱান উত্তোলন কৰিব সভাপতি ৰূপক চন্দ্ৰ ডেকাই। ইয়াৰ লগতেই বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ অনুষ্ঠান। পুৱা আঠ বজাৰ পৰা গাঁৱৰ ৰাইজৰ দ্বাৰা হুঁচৰি কীৰ্ত্তন।

দুই ব’হাগ পুৱা আঠ বজাৰ পৰা ক্ৰীড়া প্ৰতিযোগিতা। তিনি ব’হাগৰ পুৱা পাঁচ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এখন চাইকেল, দ্বিতীয় পুৰস্কাৰ, নগদ দুহেজাৰ টকা, তৃতীয় পুৰস্কাৰ নগদ পোন্ধৰশ টকা, চতুৰ্থ পুৰস্কাৰ এহেজাৰ টকা আৰু  পঞ্চম পুৰস্কাৰ নগদ সাতশ টকা।

সন্ধিয়া ছয় বজাৰ পৰা বিহুকন্যা আৰু বিহুৱতী প্ৰতিযোগিতা। বিহুকন্যা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ , দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ পাঁচশ টকা আৰু মানপত্ৰ; তৃতীয় পুৰস্কাৰ পাঁচ হাজাৰ টকা আৰু মানপত্ৰ।

বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ  নগদ বিশ হাজাৰ টকা আৰু মানপত্ৰ; দ্বিতীয় পুৰস্কাৰ নগদ পোন্ধৰ হাজাৰ টকা আৰু মানপত্ৰ; তৃতীয় পুৰস্কাৰ নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ । ইয়াৰ লগতে শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ পেঁপুৱা  আৰু শ্ৰেষ্ঠ বিহুৱাই নগদ এহেজাৰকৈ টকাৰ পুৰস্কাৰ আৰু মানপত্ৰ লাভ কৰিব।

চাৰি ব’হাগৰ পুৱা ৯ বজাত পৰিবেশ নিকাকৰণ আৰু ১০ বজাত স্বৰ্গীয় উমাকান্ত লস্কৰ সোঁৱৰণী কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা। দিনৰ দুই বজাৰ পৰা ভেশচন প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ পোন্ধৰশ টকা আৰু মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ নখদ এহেজাৰ টকা, তৃতীয় পুৰস্কাৰ নগদ সাতশ টকা আৰু মানপত্ৰ। ।

সন্ধিয়া পাঁচ বজাত দাতা আৰু পৃষ্ঠপোষকসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে ক্ৰীড়া , কুইজ-চিত্ৰাংকন আৰু বিহু প্ৰতিযোগিতাৰ বিজয়ী সকলৰ বঁটা বিতৰণী অনুষ্ঠান। সাত বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান। সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথৰ গীতৰ শৰাই। এই অনুষ্ঠান শুভ উদ্বোধন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

You might also like