নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেয়া কণী খালে কি হয়, কেনেকৈ চিনিব কণীৰ ভাল-বেয়া?

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কণী এতিয়া আলুৰ দৰে নিত্য প্ৰয়োজনীয় খাদ্য ৰূপে সকলোৱে ঘৰত ৰাখে। কিন্তু খাবলৈ বুলি অনা কণীটো সিজোৱাৰ পিছত যদি দুৰ্গন্ধ ওলাই আপোনাৰ স্বাভাৱিকতে বেয়া লাগে।

ইয়াৰ বাবে আছে এক বিশেষ টেকনিক, যাৰ জৰিয়তে আপুনি জানিব পাৰে খাবলৈ অনা কণীটো ভাল নে বেয়া। কিয়নো নিম্নমানৰ কণীয়ে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতি আনিব পাৰে। গতিকে কণী খোৱাৰ আগতে এইটো পচা নে ভাল পৰীক্ষা কৰিব লাগে।

স্বাস্থ্য ৱেবছাইট হেল্থলাইনৰ এক প্ৰতিবেদন অনুসৰি, কণীৰ মান পৰীক্ষা কৰাৰ এটা অতি সৰল উপায় আছে। ইয়াৰ বাবে কেৱল এগিলাচ পানীৰ প্ৰয়োজন।

কাঁচৰ গিলাচত আধাতকৈ অলপ বেছি পানী লওক। এতিয়া এটা কণী লৈ ইয়াক পানীত ৰাখক। পানীত ডুব যোৱাৰ পিছত ৩টা পৰিস্থিতি দেখা যায়।

  • যদি কণীটো পানীৰ তললৈ যায় আপুনি নিশ্চিত হ’ব পাৰে যে কণীটো ভাল।
  • যদি কণীটো পানীৰ তললৈ যায় আৰু উলম্বভাৱে থিয় হয়, ইয়াৰ অৰ্থ হৈছে কণীটো অত্যধিক পুৰণি আৰু ইয়াক খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
  • আৰু যদি দেখা যায় যে কণীটো পানীত ওপঙি আছে বা ওপৰলৈ আহিছে, কণীটো পচি যোৱাৰ সম্ভাৱনা অধিক।

স্বাস্থ্য বিশেষজ্ঞসকলে পচা কণী নাখাবলৈ পৰামৰ্শ দিছে। নিম্নমানৰ কণীবোৰে চালমোনেলা সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিব পাৰে। চালমোনেলা হৈছে এক প্ৰকাৰৰ বেক্টেৰিয়া, যি খাদ্যৰ বিষক্ৰিয়া সৃষ্টি কৰিব পাৰে।

You might also like