নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ চিকন গোহাঁইৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ সদৌ অসম কেৱল কাল সংহতি ধৰ্মৰ আজীৱন সদস্য তথা কেৱল কাল সংহতি ধৰ্মৰ পূৰ্ণ সাধু, সদৌ অসম কেৱল কাল সংহতি সংঘৰ ষষ্ঠ বাৰ্ষিক অধিবেশন উপদেষ্টা ঢোলপেটা গাঁৱৰ নিৱাসী  চিকন গোহাঁই (৯৫) ৰ বাৰ্ধক্যজনিত কাৰণত ঘিলামৰাস্থিত জেষ্ঠ পুত্ৰৰ বাসগৃহত পৰলোকপ্ৰাপ্তি হোৱাত সমগ্ৰ অঞ্চলটোৰ লগতে কেৱল কাল সংহতি ধৰ্মৰ ভকত সকলৰ মাজতো শোঁকৰ ছাঁ পৰিছে ৷ যোৱা কিছুদিন ধৰি সামান্য বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা  সাধু গৰাকীয়ে ৩০ অক্টোবৰত জেষ্ঠ পুত্ৰৰ ঘৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰাত ঢোলপেটা গাওঁৰ নিজ বাসগৃহৰ পৰা পুত্ৰ বোৱাৰীয়েকে  লৈ যায় আৰু তাতেই নিশা ১°৪৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত প্ৰায় ২৫টা বছৰে সাধু হিচাপে ৰাজ্যৰ ভিন্ন প্ৰান্তত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা সাধু গৰাকীৰ ম্‌ত্যু বাতৰি বিয়পি পৰাৰ লগে লগেই আজি পুৱাৰে পৰাই ঢোলপেটা গাঁওস্থিত বাসগৃহত অগণন ভকত আৰু আত্মীয় কুটুম্বৰে ভিৰ কৰি এক শোকাকুল পৰিবেশৰ মাজেৰে গায়ন বায়নেৰে  ধৰ্মীয় ৰীতিনীতি আৰু পৰম্পৰাৰে ম্‌তকৰ শেষকৃত্য সম্পন্ন কৰি ম্‌তকৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰে ৷ ম্‌ত্যুৰ সময়ত সাধু গৰাকীয়ে নিজ পত্নী, চাৰিজন পো বোৱাৰী, দুগৰাকী জী, এজন জোৱায়েক, নাতি নাতিনীৰ লগতে সহস্ৰাধিক কেৱল কালসংহতি ধৰ্মৰ ভকত বৈষ্ণৱক এৰি থৈ যায় ৷

প্ৰেৰক  ৰাজেশ বুঢ়াগোহাঞি

You might also like