নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা সপ্তাহজোৰা বীৰ লাচিতৰ জন্মজয়ন্তী : দিল্লীৰ কাৰ্যসূচীত ভাগ লব নৰেন্দ্ৰ মোদী-অমিত শ্বাহ

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালনৰ সপ্তাহজোৰা কার্যসূচী কাইলৈৰ পৰা আৰম্ভ হ’ব৷ দেশৰ আকাশে–বতাহে বীৰ লাচিতৰ শৌর্য–বীর্যৰ গাথা প্ৰচাৰ কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে একাধিক কার্যসূচী৷ কাইলৈ জিলা পর্যায়ত জন্মজয়ন্তীৰ কার্যসূচী আৰম্ভ হ’ব৷ অসম আৰক্ষী, সামৰিক, অর্ধসামৰিক বাহিনী, নৌ–বায়ুসেনাৰ জোৱান আৰু এন চি চি কেডেটসকলে জিলাই জিলাই মার্চপাষ্ট কৰি লাচিত বৰফুকনক সামৰিক অভিবাদন জ্ঞাপন কৰিব৷ ১৯ নৱেম্বৰত সমগ্র অসমৰ শিক্ষানুষ্ঠানসমূহত লাচিত বৰফুকনৰ জীৱনভিত্তিক ৰচনা লিখা প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ জিলা পর্যায়তে ৰচনা লিখা প্রতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব৷ ২০ নৱেম্বৰত লাচিতৰ মৈদাম সম্প্রসাৰণৰ বাবে ৫০ বিঘা মাটি স্থানীয় ৰাইজৰ পৰা চৰকাৰীভাৱে অধিগ্রহণ কৰা হ’ব৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মন্ত্রী যোগেন মহন, সাংসদ পৱিত্র মার্ঘেৰিটা, তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, ধর্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ উপস্থিত থাকিব৷ লাচিত বৰফুকনৰ সমাধি নির্মাণৰ বাবে লোৱা ভূমি অধিগ্রহণৰ মূল্য প্রায় ১২ কোটি টকা স্থানীয় ৰাইজক কৃতজ্ঞতাৰ সৈতে প্রদান কৰা হ’ব৷ ২০ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে এই লাচিত মৈদাম নির্মাণৰ কাম একপ্রকাৰ আৰম্ভ হ’ব৷ য’ত ১৫০ ফুট উচ্চতাৰ ব্রঞ্জৰ প্রতিমূর্তি স্থাপনৰ লগতে প্রেক্ষাগৃহ, অতিথিশালা, মুকলি মঞ্চ আদি নির্মাণ কৰা হ’ব৷ ১৬০ কোটি টকা ব্যয়েৰে সমাধি ক্ষেত্রৰ নির্মাণ প্রকল্প সম্পূর্ণ কৰা হ’ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰী কৰিছে৷ এই পদক্ষেপৰ আধাৰতে আলাবৈ পাহাৰৰ শীর্ষত ৩০ ফুট উচ্চতাৰ এখন হেংদাং স্থাপন কৰা হ’ব৷ ইফালে, ২০, ২১ আৰু ২২ নৱেম্বৰত জিলা উপায়ুক্তসকলে ৰক্তদান, বৃক্ষৰোপণ আদি সামাজিক কার্যসূচীৰ লগতে নাটক পৰিৱেশন, তর্ক প্রতিযোগিতা, আকস্মিক বত্তৃণতা আদিকে ধৰি বিভিন্ন সামাজিক আৰু বৌদ্ধিক কার্যসূচী ৰূপায়ণ কৰিব৷ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ অন্তিম তিনি দিনৰ কার্যসূচীসমূহ নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ কেন্দ্রীয় কার্যসূচীসমূহ অনুষ্ঠিত হ’ব৷ ২৩ নৱেম্বৰত আহোম যুগৰ সোণালী অধ্যায়ক লৈ অনুষ্ঠিত হ’বলগীয়া আলোচনা–চক্রত ৰাজ্যৰ দুজন আৰু ৰাষ্ট্রীয় পর্যায়ৰ দুজন বুৰঞ্জীবিদে ভাষণ প্রদান কৰিব৷ ৰাজ্যিক সংগ্রহালয়ৰ পৰা নিয়া কেইবাপদো সামগ্রীৰে নতুন দিল্লীত এখন প্রদর্শনীৰো আয়োজন কৰা হৈছে৷ ২৪ নৱেম্বৰৰ পুৱা ১১ বজাত আন এখন আলোচনা–চক্র অনুষ্ঠিত হ’ব৷ বিয়লি ৪ বজাত জন্মজয়ন্তীৰ কেন্দ্রীয় অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্রহণ কৰিব৷ এই অনুষ্ঠানতে লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰাজিৰ আধাৰত নির্মাণ কৰা এখন তথ্যচিত্র মুকলি কৰা হ’ব৷ সপ্তাহজোৰা জন্মজয়ন্তীৰ সামৰণিৰ দিনটোত অর্থাৎ ২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিব৷ ৰাজ্যৰ অনুষ্ঠানসমূহৰ লগতে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ বিভিন্ন সংগঠনৰ প্রতিনিধিসহ ৩০০ ব্যক্তি আৰু ৪০০জন বুৰঞ্জীৰ ছাত্রই নতুন দিল্লীৰ অনুষ্ঠানত অংশ ল’ব৷ পুনেস্থিত নেচনেল ডিফেঞ্চ একাডেমীতো এই উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

You might also like