বৃহৎ পৰিমাণৰ আফিং জব্দ : ৰঙিয়া আৰক্ষীৰ সফলতা
নলবাৰী অভিমুখী DL8CAE3694 নম্বৰৰ এখন ভাৰ্ণা গাড়ীৰ পৰা সৰবৰাহকাৰী দুজনক আটক কৰে
ৰঙিয়া আৰক্ষীৰ অন্যতম ডাঙৰ সফলতা। আজি পুৱতিনিশা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ আফিং জব্দ কৰে আৰক্ষীয়ে। ৰাষ্ট্ৰীয় ঘাইপথত অসম আৰক্ষীয়ে ১৯৬ কিলোগ্ৰাম আফিং জব্দ কৰে।
বৃহস্পতিবাৰে পুৱতিনিশা অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১৪ কিলোগ্ৰাম আফিং জব্দ কৰে। লগতে পঞ্জাবৰ দুজন ব্যক্তিক আটক কৰে।
ধৃত লোক দুজন হৈছে গাড়ীখনৰ চালক পঞ্জাবৰ সাংগুৰ জিলাৰ মলকিত সিং আৰু নৰিন্দৰ সিং। নলবাৰী অভিমুখী DL8CAE3694 নম্বৰৰ এখন ভাৰ্ণা গাড়ীৰ পৰা সৰবৰাহকাৰী দুজনক আটক কৰে।
তালাচীৰ সময়ত গাড়ীখনৰ ভিতৰৰ পৰা আফিঙৰ ১৪টা পেকেট উদ্ধাৰ কৰে। লগতে দুটা ম’বাইল ফোন জব্দ কৰে। পিছত ধৃত লোক দুজনক ৰঙিয়া থানালৈ নি অধিক তথ্যৰ বাবে জেৰা আৰম্ভ কৰে।
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ