নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যৰ গদাইমাৰীত উদ্ধাৰ ২০ শৰালি হাঁহ–কাম চৰাই

নিয়মীয়া বাৰ্তা ৩ জুনঃ নগাঁও ন্যপ্রাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ বন বিভাগৰ এটা দলে কালি নিশা গদাইমাৰী গাঁৱত অভিযান চলাই জব্দ কৰে প্রায় কুৰিটা বিৰল প্রজাতিৰ শৰালি হাঁহ আৰু কাম চৰাই৷ সুঁতিৰপাৰ খণ্ড বন বিষয়া কার্যালয়ৰ এটা অভিযানকাৰী দলে নিশা লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া জুৰীয়াৰ গদাইমাৰীৰ শিঙিয়া পথাৰত অভিযান চলাই চোৰাং চিকাৰীৰ পৰা জব্দ কৰে শৰালি হাঁহ আৰু কাম চৰাই আৰু অত্যাধুনিক টেপ ৰেকর্ডাৰ আৰু অডিঅ’ প্লেয়াৰ৷ অৱশ্যে ন িবভাগে কোনো চিৰাং চিকাৰীক আটক কৰ্বিলৈ সক্ষম হোৱা নাই৷

You might also like