নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ প্ৰাক্তন আৰু বৰ্তমানৰ এআইইউডিএফ বিধায়কৰ মাজৰ আইনী যুঁজ

  • বৰ্তমানৰ বিধায়ক নজৰুল হ’কৰ বিৰূদ্ধে আদালতত মানহানিৰ গোচৰ প্ৰাক্তন বিধায়ক জাহানউদ্দিনৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: নিজ দলৰে প্ৰাক্তন সতীৰ্থই দিয়া এক মানহানিৰ এক গোচৰ মৰ্মে আজি ধুবুৰী আদালতত হাজিৰ হ’বলগীয়া হয় ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হ’ক।উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপূৰ উন্নয়ন খণ্ডত এমজিএনৰেগা আঁচনীৰ গইনা লৈ ধুবুৰীত ব্যাপক দূৰ্নীতি হোৱা বুলি এক অভিযোগ আনিছিল ধুবুৰীৰ প্ৰাক্তন এআইইউডিএফ বিধায়ক জাহানউদ্দিনে। ধুবুৰীৰ গ্ৰামোন্নয়ন বিভাগত হোৱা ব্যাপক দূৰ্নীতি সন্দৰ্ভে সৰৱ হৈ উঠাৰ সময়ত তেওঁক উদ্দেশ্যি কৰা এক মন্তব্যৰ বাবেই বিধায়ক নজৰুল হ’কৰ বিৰূদ্ধে মানহানিৰ গোচৰ তৰা বুলি দাৱী কৰিছে ধুবুৰীৰ প্ৰাক্তন এআইউডিএফ বিধায়ক তথা বৰ্তমানে বিজেপি দলৰ সদস্য জাহানউদ্দিনে। ইপিনে তেওঁৰ দলৰে প্ৰাক্তন সতীৰ্থই তৰা এই গোচৰ সংক্ৰান্তীয় মন্তৱ্য বিচাৰি ধুবুৰীৰ এআইইউডিএফ বিধায়কগৰাকীৰ কাষ চপা হয় যদিও কোনো ধৰণৰ মন্তৱ্য দিয়াৰ পৰা বিৰত থাকে তেওঁ। অৱশ্যে আদালতে যাৰ পক্ষতেই ৰায় নিদিয়ক কিয়; এআইইউডিএফৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কৰ মাজৰ এই আইনী যুঁজৰ এই বিষয়টো বেছ চৰ্চা লভা পোৱা গৈছে ধুবুৰীৰ ৰাজনৈতিক মহলত।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like