নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বন‍্য হস্তীৰ তাণ্ডৱ অব্যাহত, পুনৰ বিধ্বস্ত কৰিলে চাৰিটাকৈ বাসগৃহ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। যোৱা কেইদিন মানৰ পৰা এটা বনৰীয়া হাতীৰ জাকে নগৰখনৰ পাৰ্চৱৰ্তী অঞ্চলসমূহত উপদ্ৰৱ চলাই ঘৰ – দুৱাৰ ভাঙি পেলোৱাৰ সময়তে যোৱা নিশাও পুনৰ নগৰখনৰ সমীপৱৰ্তী নাফুক চাহ বাগিচাত নিশা বন্যহস্তীয়ে ভাঙিলে চাৰিটাকৈ ঘৰ।অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে নাফুকৰ ২ নং লাইনত চাৰিটাকৈ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।হাতীৰ জাকটোৱে মুনু বাক্তি,প্ৰহ্লাদ বাক্তি,জিব্ৰিয়েল নন্দ আৰু আদাম কুমাৰৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে। ঘটনাৰ বিৱৰণী মতে যোৱা নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সম্ভাৰ বিচাৰি বাগিচাখনত প্ৰৱেশ কৰে এটা বন্য হস্তীৰ দল ।হাতীৰ জাকটোৱে শ্ৰমিককেইজনৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰে।কথমপি ৰক্ষা পৰে পৰিয়াল কেইটাৰ আন সদস্যসকল। ইফালে হাতীৰ জাকটোৱে ওৰে নিশা সমগ্র অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি বহু লোকৰ মূল্যৱান গছ – গছনি ভাঙি চিঙি তহিলং কৰি পুৱা পুনৰ বনাঞ্চলখনলৈ উভতি যায় । উল্লেখযোগ্য যে অভয়পুৰ বনাঞ্চলত চোৰাংকাঠ বেপাৰিয়ে গছ কাটি ধ্বংস কৰাৰ ফলত বন্য হস্তীৰ সন্ত্ৰাসত গাওঁৰ আৰু চাহ বাগিচাৰ ৰাইজে উজাগৰে দিন কটাবলগীয়া হৈছে । যোৱা নিশা অঞ্চলটোৰ শ্ৰমিক পৰিয়ালকেইটাৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাত সম্প্ৰতি দিশহাৰা উক্ত পৰিয়ালকেইটা সম্প্ৰতি মুকুলি আকাশৰ তলত ।

সোণাৰিৰ পৰা দীপাংকৰ পাল

You might also like