নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন যুৱকৰ মহানুভৱতাঃ ডেৰ মাহে অহৰহ দৰিদ্ৰ লোকক প্ৰদান কৰি গৈছে সাহায্য

নিয়মীয়া বাৰ্তা, ১২ মে’ : লকডাউনৰ বাবে সৰ্বত্ৰে এতিয়া এক হাহাকাৰ পৰিস্থিতি। বিশেষকৈ ৰেড জ’ন হিচাপে চিহ্নিত মৰিগাঁও জিলাত লক ডাউনৰ কোনো শিথিলতা নাই। যাৰ বাবে দৰিদ্ৰ লোক সকলৰ মাজত খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে। এনে এক দুৰ্যোগৰ সম‌য়তে ধিং সমষ্টিৰ ধিং, আলিটাঙনী, মৈৰাবাৰী আৰু লাহৰিঘাট মৌজাৰ দৰিদ্ৰ লোক সকলৰ মাজত অহৰহ সহায়ৰ হাত আগবঢ়াই আহিছে এগৰাকী যুৱ সমাজকৰ্মী নেকিবুৰ ৰহমান হাজৰিকা।

  লকডাউনৰ আৰম্ভণিৰে পৰা তেওঁ অতিকৈ দৰিদ্ৰ লোকৰ ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি  মানৱতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত বিশেষকৈ মৈৰাবাৰী মৌজাৰ দলৈগাঁও, মৈৰাবাৰী, বৰচাপৰি, ভজাখাইটি গাঁও, হাতীমূৰীয়া, গৰীয়াবড়ী, দাতিয়ীলবড়ী, মদাৰগুৰি, ধিং মৌজাৰ লহকৰ, কান্দুলিমাৰী, গায়ণগাঁও, বেছামাৰী, আলিটাঙনী মৌজাৰ আলিটাঙনী, দগাঁও, কান্দুলিমাৰী, জেঙনি, কলাডুবা, বলিকটীয়া, লাহৰীঘাট মৌজাৰ ৰজাগাধোৱা, বৰখাবল, টেঙাগুৰি, ভূৰাগাঁও, গেৰুৱা, সোনডোবা, ধুনকুৰা চৰ, জৰিবৰ আদি। মৰিগাঁও সদৰৰ মিলনপুৰ, লালুংগাঁও, মৰিমুছলমান গাঁও, মিলনপুৰ। জাগীৰোডৰ মায়ং, গাগলমাৰী, আশিগড় আদি অঞ্চলত বিগত প্ৰায় ডেৰ মাহ ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰি এক প্ৰকাৰ নজিৰ সৃষ্টি কৰিছে।

  মানৱদৰদী যুৱক হাজৰিকাই স্থানীয় একাংশ পঞ্চায়তকৰ্মী, উদ্যমী যুৱকক লগত লৈ এইদৰে দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে নগদ ধনো আগবঢ়াইছে। হাজৰিকাই বহি: ৰাজ্যত আৱদ্ধ লোকৰ পৰিয়াল, সত্ৰৰ ভকত, শ্মশানৰ চণ্ডাল, মছজিদৰ ঈমান-খাদিম, মাঝাৰৰ ইমাম আদিক লকডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। দূৰ্যোগৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি হাজৰিকাই দৰিদ্ৰ লোকৰ স্বাৰ্থত যুঁজ দি অহাৰ কাৰণে তেওঁৰ এই বদান্যতাক ৰাইজে শলাগ লৈছে। হাজৰিকাই জনোৱা মতে, বৰ্তমানেও লকডাউন চলি আছে, বহু পৰিয়ালৰ মাজত সংকট চলি আছে। এনে পৰিস্থিতিত তেওঁ দুখীয়া-দৰিদ্ৰ লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই যাব বুলি সংবাদ মাধ্যমক জনাইছে।

You might also like