নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত অভিনৱ কৌশলেৰে চোৰাং কয়লা সহৰবাহ চক্ৰৰঃ যাত্ৰীবাহী মেজিক গাড়ী জব্দ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: চোৰাং কয়লা সৰবৰাহৰ বিভিন্ন সময়ত বিভিন্ন কৌশল কয়লা চোৰে মাৰ্ঘেৰিটা মহকুমাত কৰি আহিছে। বিভিন্ন সময়ত পোহৰলৈ আহে এনে অভিনৱ পন্থা । মাৰ্ঘেৰিটাত বালি চটিয়াই তলত কয়লা বোজাই সৰবৰাহ, কেচা চাহঁপাত ছটিয়াই কাঠ সৰবৰাহ ইতিমধ্যে পোহৰলৈ আহিছে ।

এইবাৰ মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে চোৰাং কয়লা সৰবৰাহৰ এক অভিনৱ পন্থা। এখন যাত্ৰীবাহী মেজিক গাড়ী। নম্বৰ AS23 CC 5224। গাড়ী ভিতৰৰ মুকলি অংশত বস্তুাই বস্তাই কয়লা। অসাধু ব্যৱসায়ীয়ে এই অভিনৱ পদ্ধতিৰে কয়লা সৰবৰাহ কৰিবলৈ লওতেই পৰিল জালত।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষী দলে অভিযান চলাই শুকুৰবাৰে নিশা নামদাং ত জব্দ কৰে গাড়ীসহ কয়লাখিনি । অৱশ্যে বাতৰি লেখা সময়লৈকে এই সৰবৰাহৰ সৈতে জড়িত কোনো আটক হোৱা নাই ।

আনফালে আৰক্ষীয়ে এখন ছোটা হাতী গাড়ীত কঢ়িওৱা অৱস্থাত জব্দ কৰে জ্বলা কয়লা। নম্বৰবিহীন গাড়ী খনৰ সৈতে দুজনক আটক কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী সক্ৰিয় হোৱাৰ বিপৰীতে চোৰাং সামগ্ৰী সৰবৰাহৰ ন ন অভিনৱ পন্থা অৱলম্বন কৰিছে ব্যৱসায়ীয়ে ।

input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like