নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদানীৰ মুন্দ্রা বন্দৰত চীনৰ ৰহস্যময় জাহাজ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ:  পাকিস্তানৰ পৰা চীনগামী ৰহস্যময় কার্গো জাহাজ এখন আদানী পৰিচালিত মুন্দ্রা বন্দৰত জব্দ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গুজৰাটৰ মুন্দ্রা বন্দৰত জব্দ হোৱা পাকিস্তানৰ কৰাচীৰ পৰা চীনৰ ছাংঘাইগামী কার্গো জাহাজখনত তেজষ্ক্রিয় সামগ্রী উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

আদানী প’টছ এণ্ড চেজে পৰিচালনা কৰি থকা মুন্দ্রা বন্দৰলৈ অহা চীনগামী কার্গো জাহাজখন শুল্ক আৰু ৰাজহু বিভাগৰ যুটীয়া দলে জব্দ কৰে৷ জব্দকৃত জাহাজখনত কেইবাটাও কণ্টেইনাৰত সন্দেহজনক তেজষ্ক্রিয় পদার্থ উদ্ধাৰ হোৱা বুলি অভিযানকাৰী দলটোৱে প্রকাশ কৰিছে৷ আদানী প’টছ এণ্ড চেজে বিবৃতিত প্রকাশ কৰা মতে, যোৱা ১৮ নৱেম্বৰত শুল্ক আৰু ৰাজহ বিভাগৰ যুটীয়া অভিযানত মুন্দ্রা বন্দৰত বিদেশী কার্গো জাহাজৰ কণ্টেইনাৰত সন্দেহজনক তেজষ্ক্রিয় সামগ্রী উদ্ধাৰ হৈছে৷

বিবৃতিত প্রকাশ পোৱা মতে, এই কণ্টেইনাৰ সন্দর্ভত বন্দৰৰ হাতত কোনো ধৰণৰ তথ্য নাই৷ অর্থাৎ অঘোষিত ৰূপত বন্দৰত কণ্টেইনাৰকেইটা আছে৷ গুৰুত্বপূর্ণ যে মুন্দ্রা বন্দৰত থকা কণ্টেইনাৰকেইটা আনকি ক’ৰ পৰা কেনেকৈ আহিছে সেই সন্দর্ভত বন্দৰ কর্তৃপক্ষৰ হাতত কোনো তথ্য নাই৷ বন্দৰ কর্তৃপক্ষৰ এনে বিবৃতিৰ পিছত কণ্টেইনাৰকেইটাক লৈ আৰু অধিক ৰহস্যৰ সৃষ্টি হৈছে৷

তথ্য মতে পাকিস্তানৰ কৰাচীৰ পৰা চীনৰ ছাংঘাইগামী কার্গো জাহাজ এখনৰ সেই কণ্টেইনাৰকেইটা৷ অভিযানকাৰী দলে কণ্টেইনাৰৰ সঠিক তথ্য নোপোৱাৰ পিছতেই এই কণ্টেইনাৰক লৈ উচ্চ পর্যায়ৰৰ তদন্ত আৰম্ভ কৰিছে৷ মুন্দ্রা বন্দৰত কোনোধৰণৰ তথ্য অবিহনেই সন্দেহজনক তেজষ্ক্রিয় পদার্থসহ কণ্টেইনাৰৰ অৱস্থিতিয়ে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ ভাবুকিৰ সৃষ্টি কৰিছে৷ উনুকিয়াও যে আদানীৰ মুন্দ্রা বন্দৰত ইয়াৰ পূর্বে কেইবা হাজাৰ কোটি টকাৰ হিৰ’ইনসহ কণ্টেইনাৰ জব্দ কৰা হৈছিল৷

এই ৰহস্যজনক কেইবা হাজাৰ কোটিটকীয়া হিৰ’ইন সন্দর্ভতো পৰৱর্তী সময়ত কোনোধৰণৰ তথ্য পোহৰলৈ নাহিল৷ অর্থাৎ সন্দেহজনক তেজষ্ক্রিয় সামগ্রীৰ তথ্যও গোপনে থাকিব নেকি?

You might also like