নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ৰাস সমিতিলৈ আৰ্থিক অনুদানৰ চেক প্ৰদান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : এতিয়া মাজুলীৰ য’লৈকে যাওঁ কেৱল ৰাসময় এক পৰিৱেশ বিৰাজ কৰিছে। আমাৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় যে এই সংস্কৃতি আমাৰ মাজুলীয়ে সুন্দৰকৈ ধৰি ৰাখিছে। যাক ভৱিষ্যতৰ দিনটো আৱহমান গতিৰে লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব। মাজুলীত সকলো জাতি-জনগোষ্ঠীয়ে মিলি যি ধৰনে ৰাসোৎসৱ উদযাপন কৰে সেইয়া ৰাজ্যখনৰ বাবেই শুভ বাৰ্তা। মাজুলীৰ সাংস্কৃতিক বৈভৱে  অসমবাসীক গৌৰৱাম্বিত কৰে। আজি মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত মাজুলী ৰাস মহোৎসৱ আয়োজক সমিতিসমূহলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বিত্তীয় অনুদান বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনেদৰে কয়। তেওঁ আৰু কয় যে- বিগত সময়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে আমি মাজুলীৰ ৰাসক লৈ বিভিন্ন চিন্তা কৰাৰ চেষ্টা কৰিছোঁ। এইবেলিও মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ৰাস সমিতি সমূহে বহু কষ্টেৰে নিজস্ব ধন ভাঙি সংস্কৃতি ধৰি ৰখাৰ যি প্ৰয়াস কৰি আহিছে তাত চৰকাৰে অকণমান সহায় কৰাৰ চিন্তা কৰিছিল। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে মোক দিয়া নিৰ্দেশনা মাজুলীৰ ৬১খন ৰাস সমিতিলৈ অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। মন্ত্ৰীগৰাকীয়ে ৰাসোৎসৱৰ সময়ত মাজুলীৰ সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে মাজুলীৰ উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে পূঁজি যোগান ধৰিব বুলি জানিবলৈ দিয়ে। ইফালে ৮ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহাৰ লগতে মাজুলীৰ বিভিন্ন ৰাসোৎসৱত অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে মাজুলীত চলি থকা পৰ্যটন বিভাগৰ কাম-কাজসমূহ অহা ২০ নৱেম্বৰৰ ভিতৰত সমাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰাৰ লগতে ২৫ তাৰিখৰ পিছত কোনো এটা দিনত পুনৰ মাজুলীত মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলাৰ লগতে অন্যান্য চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মাজুলীৰ উপায়ুক্ত পুলক মহন্তই আঁত ধৰা অনুষ্ঠানটোত মাজুলীৰ ৬১খন ৰাস সমিতিক নিজ হাতে মন্ত্ৰী বৰুৱাই ৫০ হাজাৰকৈ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাজুলীৰ বিধায়ক ভূৱন গামে এই পদক্ষেপৰ বাবে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত মাজুলীৰ প্ৰতিখন ৰাস সমিতিৰ বিষয়ববীয়াৰ লগতে সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like